পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫
দ্বৈত আৰু অদ্বৈত নিৰ্ণয়


হৈছা। এই দৰে বিৰাট পুৰুষৰ প্ৰকাণ অপ্ৰকাশ ৰূপান্তৰ উপাধি ভাবক বিনশ্বৰ, অবিনশ্বৰ, অনুলোম, আৰু বিলোম ভাব বুজিবা। স্বৰূপ পক্ষে বিৰাট পুৰুষ পৰমাত্মা চৰাচৰ তোমালোকে সৈতে অনাদি স্বতঃ বিদ্যমান যেনে তেনেই আছে। স্বৰূপত বিনশ্বৰ, অনুলোম, বিলোম কোনো কালে হোৱা নাই আৰু হবৰ সম্ভাবনাও নাই।

দ্বৈত আৰু অদ্বৈত নিৰ্ণয়

 বেদ, বাইবেল, কোৰাণ, প্ৰভৃতি সকলো শাস্ত্ৰৰে উদ্দেশ্য এক মাত্ৰ পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপৰ অস্তিত্ব স্বীকাৰ কৰা। আৰু লিখা আছে যে এই বিশ্বব্ৰহ্মাণ্ড সৃষ্টি হবৰ পূৰ্ব্বে, কেবল এক মাত্ৰ ব্ৰহ্ম আছিল, তেওঁৰে পৰা এই জগত ব্ৰহ্মাণ্ড বিস্তাৰ হৈছে।

 আপোন আপোন মান, অপমান, জয়, পৰাজয়, পক্ষপাত, সামাজিক স্বাৰ্থপৰতা পৰিত্যাগপূৰ্ব্বক নিৰাকাৰ, সাকাৰ আৰু দ্বৈত, অদ্বৈত প্ৰভৃতি নানা উপাধি এৰি বিচাৰপূৰ্ব্বক গম্ভীৰ আৰু শান্ত- ৰূপে এই সকলো বিষয়ৰ সাৰভাৰ গ্ৰহণ কৰি পৰমানন্দে আনন্দৰূপে থাকিবৰ চেষ্টা কৰা। লোকে কেবল অজ্ঞানতাবশতঃ দ্বৈত, অদ্বৈত, নিৰাকাৰ, সাকাৰ, নিৰ্গুণ, সগুণ আৰু পঞ্চোপাসনা ইত্যাদি নানা প্ৰকাৰ উপাধি লৈ আপোনাৰ যথাৰ্থ মঙ্গলকাৰী ইষ্ট দেবতাৰ পৰা বিমুখ হৈ সদায় পৰস্পৰ বিৰোধ কৰি কেবল মনত অশান্তি ভোগ কৰি কষ্ট পাইছে আৰু পৰস্পৰে পৰস্পৰক কষ্ট দিছে। যথাৰ্থ পক্ষে কোনেও আপোনাৰ মঙ্গলকাৰী ইষ্ট দেবতাক নিৰাকাৰ নিৰ্গুণ