পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৩৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


২৪ সানিতক্রিয়া

কাৰ ভাবে স্থিতি হব। অজ্ঞানী মানুহে নুবুজি, এই দেখি কা বিনশ্বৰ স্থূল জগতক মিছ। অর্থাৎ অস্তিত্ব ৰহিত বলে। কিন্তু বিনশ্বৰ মিছা নহয, অর্থাৎ অস্তিত্ব ৰহিত নহয় । সঁচাৰ পৰা হৈছে কি প্রকাৰে মিছ। হব ? কেবল ৰূপান্তৰ হয় মাত্র। স্কুল বস্তু জুইৰ সংযোগত জুই ৰূপ হয়, জুই নুমাই বতাহ স্বৰূপ হয়, বতাহ নিস্পন্দ হৈ আকাশ স্বৰূপ হয়, আকাশৰ শব্দ নিষ্পদ হৈ মহাকাশ হয়, মহাকাশৰ পৰা অর্ধমাত্রা, অর্ধমাত্রাৰ পৰা বিন্দু, আৰু বিন্দু কাৰণ পৰ ব্ৰহ্মত স্থিতি হয়। ইয়াকে শাস্তত বিলােম বোলে। অনুলোম অর্থাৎ নিৰাকাৰ পৰব্ৰহ্মৰ পৰা বিন্দুস্বৰূপ, বিন্দুৰ পৰা অৰ্দমালা, অর্ধমাত্রাৰ পৰা মহাকাশ, হাকাশৰ পৰা আকাশ, আকাশৰ পৰা বতাহ, বতাহৰ পৰা জুই, জুইৰ পৰা পানী, পানীৰ পৰা পৃথিবী হয়। এই প্ৰকাৰ ৰিস্তাৰ হোৱাক শাস্ত্ৰত অনুলােম বােলে। এই সমস্তৰ পৰা সকলো চৰাচৰ স্ত্ৰী পুৰুষ বিৰাট ভগবানৰ সূক্ষ্ম আৰু স্থূল শৰীৰ সজা হৈছে । যথা, পৃথিবীৰ পৰা সকলে চৰাচৰ স্ত্রী পুৰুষৰ হাড় আৰু মঙ্গই কৈছে। পানীৰ পৰা তেজ, ৰস আৰু নাড়ী হৈছে। জুইৰ পৰা ভোক লাগি আহাৰ কৰিছে, অন্ন পৰি- পাক হৈছে। বতাহৰ পৰা শ্বাস-প্রশ্বাস চলিছে আৰু কথা কৈছে। আকাশৰ পৰা কাণৰ বাটে শব্দ শুনিছে। মহাকাশৰ পৰা সকলােকে ধাৰণ কৰিছে । অর্ধমাত্রা চন্দ্রমা জ্যোতিৰ পূৰা মনৰ দ্বাৰাই সকলো বুজিছে, আৰু দিন ৰাতি সঙ্কল্প বিকল্প উঠিছে । আৰু বিন্দুৰূপ সূৰ্য্যনাৰায়ণ জ্যোতিঃস্বৰূপ, তোমাৰ মস্তকৰ ভিতৰত বাহিৰত বিদ্য- মান আছে, তেওঁৰপৰা চেতন হৈ চকুৰ দুৱাৰে ব্ৰহ্মাণ্ড ৰূপ দেখিছ। আৰু সৎ সৎ বিচাৰ কৰিছা । আৰু তুমি আৰু সূৰ্য্যনাৰায়ণ জ্যোতিঃস্বৰূপ এক অভেদ হৈ নিৰাকাৰ নিগুণ কাৰণত স্থিতি