দেখা । তেওঁৰ মস্তক আকাশ বাহিৰত সকলাে ঠাইতে দেখিছা,
তোমাৰ ভিতৰত মুকলি আকাশ আৰু কাণৰ ছিদ্র যিহেৰে শুনিছ
তাক দেখা, অতদূৰ পয্যন্ত তুমি স্পষ্ট দেখিছা আৰু বুজিছা ।
কিন্তু তুমি নিজে কোন, কি বস্তু আৰু তোমাৰ মন বুদ্ধি কি
যাৰ দ্বাৰাই তুমি বুজিছা তাক জনা নাই । অতএব তুমি বিচাৰ
কৰি দেখা, এই যে আকাশত চন্দ্রমা (জোন) জ্যোতি: দোখিছা,
যি বাহিৰত বিৰাট পুৰুষৰ মন আৰু ভিতৰত তােমাৰ মন, যাৰ
দ্বাৰাই সংকল্প বিকল্প কৰিছা আৰু আমাৰ তোমাৰ ইত্যাদি বুজিছা৷
আৰু এই যে আকাশত সূৰ্য্যনাৰায়ণ (বেলি) দেখিছা এওঁ বাহিৰত
বিৰাট পুৰুষৰ আত্মা অর্থাৎ পৰমাত্মা আৰু ভিতৰত তুমি তোমাৰ
বুদ্ধি আৰু চৈতন্য বা জীবাত্মা যি ‘‘তুমি” ৰূপে চেতন হৈ বিচাৰ-
পূৰ্ব্বক সৎ অসত নির্ণয় কৰিছা আৰু চক্ষু-দুৱাৰে ৰূপ, কাণ-দুৱাৰে
শব্দ, নাক, দুৱাৰে গন্ধ, আৰু জিভা-দুৱাৰে ৰস গ্ৰহণ কৰিছা।
নিতৌ। তােমাৰ তিনিটা অৱস্থা ঘটিছে । জাগৰিত, স্বপ্ন, সুষুপ্তি (টোপনি)। জাগৰিতত তােমাৰ অর্থাৎ বিৰাট পুৰুষৰ ৰূপ সূৰ্য্যনাৰায়ণ। স্বপ্নত চন্দ্ৰমা জ্যোতি, প্রকাশ গাঙ্গে হকাং। এন্ধাৰ, যেনে, তোমাৰ স্বপ্নাৱস্থাত চেতন আছে অথচ নাই। সুষুপ্তি (টোপনি) অবস্থা, এন্ধাৰ অমাবস্যাৰ ৰাতি, গুণ ক্রিয়া সমাপ্তি। এই তিনি অবস্থাৰ পৰিবৰ্তন থকাতো তিনিয়ো অবস্থাতে পুৰুষ তুমি একে থাকা। স্বৰূপত “তুমি যি সেয়ে থাকা। এই তিনি অবস্থাত তোমাৰ” কোনো পৰিবর্তন নঘটে৷ সেই দৰে চন্দ্ৰমা সূর্যনাৰায়ণ জ্যোতিৰূপ বিৰাট পুৰুষ সকলো কালত একেই পুৰু বিদ্যমান থাকে। উদৰ অন্ত প্রত্যক্ষ অপ্ৰত্যক্ষ ৰূপে দেখাতো চৈতন্য স্বৰূপ চৰাচৰ শ্ৰী পুৰুষ তোমালোকে সৈতে