বুলি স্বীকাৰ কৰা, কিন্তু তেজোৰূপ জ্যোতিঃ বুলি স্বীকাৰ নকৰা।
আৰু বাহিৰৰ যি তেজোৰূপ জ্যোতি প্ৰত্যক্ষে দেখিছা তাক
প্ৰকাশ বুলি স্বীকাৰ কৰা, কিন্তু চেতন জ্ঞান স্বৰূপ বুলি
স্বীকাৰ নকৰা। তোমালোকৰ মনত এই ভেদ আছে দেখি কষ্ট
ভোগ কৰিছা। যি জন ভিতৰত চেতনৰূপ, সেই জনেই বাহিৰত
তেজোময় জ্যোতিঃস্বৰূপ প্ৰকাশনন। যিজন বাহিৰত তেজোময়
প্ৰকাশমান, সেই জনেই ভিতৰত চেতনাৰূপে আছে। যি জন
বাহিৰত, সই জন ভিতৰত, যি জন ভিতৰত, সেই জনেই বাহিৰত,
এই দুইৰো মাজত কোনো ভেদ নাই। যাৰ এনে অবস্থা বোধ
আছে, তেওঁৰে জ্ঞান আছে। যাৰ জ্ঞান আছে তেওঁৰ শান্তি
আছে। যাৰ বস্তু বোধ নাই, তেওঁৰ জ্ঞান নাই,যাৰ জ্ঞান নাই
তেওঁৰ শান্তি নাই।
তোমালোকৰ ইন্দ্ৰিয় আৰু বুদ্ধিৰ দ্বাৰাই স্থূলৰূপে যতদূৰ বুজিব পাৰা, ততদূৰ পৰ্য্যন্ত স্থল, সূক্ষ্ম বস্তু ভিতৰত বাহিৰত একেকৈ দেখা বা এওঁৰ শৰণাগত হোৱা, তেতিয়া বুজিব পাৰিব। যি তোমাত আছে সেয়ে ব্ৰহ্মাণ্ডৰ সৰ্বত্ৰতে আছে। যি তোমাত নাই সি ব্ৰহ্মাণ্ডৰ কোনো ঠাইতে নাই আৰু হবও নোৱাৰিব। ব্ৰহ্মাণ্ড; যি কিছু আছে সি তোমাত আছে।
বিৰাট পুৰুষৰ স্থূল চৰণ পৃথিবী বাহিৰত দেখিছা তোমাৰ ভিতৰত হাড়, মঙ্গহ দেখা। তেওঁৰ ৰক্ত, ৰস, নাড়ী, পানী বাহিৰত দেখিছা, ভিতৰত তোমাৰ ৰক্ত, ৰস, নাড়ী দেখা। তেওঁৰ মুখ জুই বাহিৰত দেখিছা, ভিতৰত তোমাৰ শৰীৰত পিয়াহ লাগিছে—আহাৰ পৰিপাক কৰা শক্তি দেখা। (তওঁৰ প্ৰাণবায়ু বাহিৰত দেখিছা, ভিতৰত তোমাৰ শ্বাস, প্ৰশ্বাস প্ৰাণ বায়ু চলিছে