স্থিতি হয়, তেতিয়া তোমাৰ নিদ্ৰাবস্থা বা নিষ্ক্ৰিয় ভাবোদয়,
সমস্ত ব্যৱহাৰ সমাপ্ত থাকে। কেবল ফুল শৰীৰ ৰক্ষাৰ নিমিতে
পৰমাত্মাই শৰীৰত প্ৰাণ শক্তি ৰাখে। ই থকাত তেজ চলাচল
হয়, নাথাকিলে তেজ বন্ধ হৈ গোট মাৰি স্থূল শৰীৰ পচি যায়।
যেনে, তেলত আচাৰ থাকিলে নপচে, সেই দৰে প্ৰাণ শক্তি থকিলে
শৰীৰ নপচে। এই কাৰণে পৰমাত্মাই মূল শৰীৰৰ মৃত্যুকাল
পৰ্য্যন্ত প্ৰাণশক্তি ৰাখে। এই শক্তিৰ সঙ্কোচ হলে শৰীৰৰ মৃত্যু
অৱস্থা হয়। মৃত্যু। আৰু নিদ্ৰাৰ মাজত এইমাত্ৰ ভেদ যে নিদ্ৰাত
প্ৰাণ শক্তি থাকে, মৃত্যুত নাথাকে। যেনে জুই বৰ্তমানে তাৰ
সকলো ক্ৰিয়া বৰ্তমান থাকে, জুই নুমালে সমস্ত ক্ৰিয়া কাৰণত
স্থিতি হয়। সেই দৰে জীবাত্মাৰ বৰ্তমানত সকলো ক্ৰিয়া হয় আৰু
কৰিছা। সুমালে সকলো ক্ৰিয়া কাৰণত স্থিতি হব , যেনে, নিদ্ৰা-
বস্থাত হয়। যি জ্যোতিঃ তেৱেই তেজ, সি তে তেৱেই
জ্ঞান, বিজ্ঞান তেৱেঁই জ্যোতিঃ
যেনে, ছিপাহীৰ মাজত পহৰা বদলিৰ নিয়ম আছে, সেই দৰে শৰীৰৰ মাজত যি ব্ৰহ্মশক্তি অসংখ্য প্ৰকাৰে কাৰ্য্য কৰিছে, তাৰ সকলো শক্তিকে পালি নিয়মে বিশ্ৰাম দিয়া হয়। নিদ্ৰা- বস্থাত প্ৰাণশক্তিকো বিশ্ৰাম দিয়া হয়। এই কাৰণে সোঁও নাকে উশাহ বলে বাও নাকৰ উশাহ নচলে, আৰু বাও নাকে উশাহ ৰ'লে সোঁও নাকে নচলে। বাঁও নাকৰ উশাহৰ প্ৰাণ চন্দ্ৰমা জ্যোতিঃ সোঁও নাকৰ প্ৰাণ সূৰ্য্যনাৰায়ণ। এই দুই জ্যোতিঃস্বৰূপ একে বিৰাট পুৰুষকে, বৈষ্ণবসকলে যুগলৰূপ, তাত্ত্বিকসকলে প্ৰকৃতি পুৰুষ বোলে। কিন্তু মানুহে অজ্ঞানবশতঃ নিচিনে যে এই দুই নাম কাৰ? অজ্ঞানবশতঃ তোমালোকে নিজক ভিতৰত চেতন