পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
সাৰনিত্যক্ৰিয়া


আৰু প্ৰাণ চলি থাকে কিন্তু সি থকাতো চেতনা নাথাকে। এতিয়া বুজি চোৱা পঞ্চতত্ত্ব বেলেগ বেলেগ হৈও চেতন নহয়, আৰু পঞ্চতত্ত্বৰ সমষ্টিতো চেতন নহয়। তেনে চেতনা কি তাকে ভাবি চোৱা। যাৰ অনুপস্থিতিত তুমি নিদ্ৰা কালে অচেতন ভাবাপন্ন হোৱা সেই জনেই চেতনা। তেওঁ কোন? যদি বোলা তুমি নাজানা, যদি তুমি নিজৰ চেতনাকে নাজানা বা নিচিনা, তেনে জ্যোতি:স্বৰূপ বিৰাট পুৰুষত চেতনা আছে নে নাই এই কথা কি প্ৰকাৰে নিৰ্ণয় কৰিবা? এই কাৰণেই তোমালোক অজ্ঞান হৈ পুঞ্জীভূত চৈতন্যস্বৰূপ জ্যোতিৰ্ম্ময় চেতনাত তোমালোক জীবমাত্ৰ চেতন হৈ আছা যাৰ চেতন শক্তিৰ সঙ্কুোচত তোমালোক নিদ্ৰাত অচেতন থাকা সেই পুঞ্জীভূত চেতনা জ্যোতিৰ্ম্ময়ক জড় বোলা?

 তোমাৰ নিজৰ জ্ঞান হোৱা নাই যে কাৰ গুণৰ প্ৰকাশত বোধ হৈছে যে “মই” আছো, আৰু নিদ্ৰাত কাৰ গুণৰ অভাৱত তোমাৰ বোধাবোধ নাথাকে, নিষ্ক্ৰিয় থাকা, অথচ পূৰ্ণপৰব্ৰহ্ম সৰ্ব্বশক্তিমান চৈতন্য সকলোতে বিৰাজমান আছে, ইয়াক স্বীকাৰ কৰিও ইফালে জ্যোতি:স্বৰূপ চেতন পুৰুষক জড় ভাবনা কৰা। তোমাৰ এই বোধ নাই যে, যি পুৰুষ ভিতৰত চৈতন্য সেই জনেই বাহিৰত জ্ঞান জ্যোতিঃৰূপে প্ৰকাশিত থাকি বাহিৰৰ প্ৰকাশ গুণ দ্বাৰাই ৰূপ ব্ৰহ্মাণ্ড দৰ্শন কৰাইছে, আৰু ভিতৰত চেতন গুণ দ্বাৰাই বোধ কৰাইছে যে “মই” আছো। তেওঁ যেতিয়া বাহিৰৰ সেই প্ৰকাশ গুণ সঙ্কোচ কৰে তেতিয়া ৰূপ দৰ্শন কৰিব নোৱাৰিছা। কিন্তু এন্ধাৰ ঘৰত তুমি চেতন পুৰুষ থাকা, বোধ কৰা যে “মই” আছো। এই চেতন গুণ বা শক্তিৰ সঙ্কোচ কৰি যেতিয়া নিৰাকাৰ নিৰ্গুণ কাৰণ ৰূপত