পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
জড় আৰু চেতন


কি তুমি নিৰাকাৰ? তেনে নিৰাকাৰ কেইটা?নিৰাকাৰ একৰ বাহিৰে দুই নাই আৰু তেওঁত কোনো অবস্থাৰ পৰিৱৰ্ত্তন হোৱা অসম্ভব। যি নিৰাকাৰ তেওঁ নিৰ্গুণ, মনবাণী আৰু জ্ঞানাতীত, তাত চেতনাচেতন বোধাবোধ প্ৰভৃতি বিচাৰ নাই, যি দৰে তোমাৰ সুষুপ্তি (টোপনি) অৱস্থাত হয়। যেতিয়া ‘মই’ আছো এই জ্ঞান নাথাকে তেতিয়া বিচাৰাদি কি প্ৰকাৰে হব? কিন্তু তোমাত চেতনাচেতন ভাব আছে, আৰু তিনি অবস্থা নিতৌ ঘটিছে বুলি নিশ্চয় জানিছা, ই কি নিৰাকাৰত ঘটিছে?

 যদি বোলা তুমি সাকাৰ, আৰু সেই সাকাৰ ব্ৰহ্মত এই তিনি অবস্থা ঘটিছে, তেনে এই বিৰাট ব্ৰহ্ম নিৰাকাৰ সাকাৰ তোমালোকে সৈতে চৰাচৰক লৈ সদায় বিদ্যমান আছে। পৃথিবী,পানী, জুই, বতাহ, আকাশ, চন্দ্ৰমা, সূৰ্য্যনাৰায়ণ জ্ঞাননেত্ৰ, এই সমস্ত তেওঁৰ অঙ্গ-প্ৰত্যঙ্গ, স্থূল, সূক্ষ্ম, শৰীৰ। ইয়াৰ ভিতৰত তুমি কি? কোনো এক অঙ্গ নে সমষ্টি? যদি বোলা তুমি এক অঙ্গ,তেনে তুমি কোন অঙ্গ—পৃথিবী, পানী, বতাহ অথবা জ্যোতিঃ?যদি বোলা তুমি পৃথিবী, তেনে তুমি হাড়, মঙ্গহ প্ৰভৃতি মাত্ৰ।যদি বোলা তুমি পানী, তেনে তুমি তেজ, ৰস, নাড়ী। যদি বোলা তুমি জুই, তেনে অগ্নিৰ দ্বাৰাই ভোক, পিয়াহ লাগিছে,অন্ন পৰিপাক আৰু বাক্য উচ্চাৰণ হৈছে মাত্ৰ। যদি বোলা তুমি প্ৰাণ বায়ু, তেনে প্ৰাণবায়ু থকাতো ঘোৰ টোপনিত তুমি অচেতন থাকা। যদি বোলা তুমি জ্যোতিঃ, তেনে জ্যোতিয়েই চেতন এই কথা স্বীকাৰ কৰা হল, আৰু বিচাৰ সমাপ্ত হল। যদি বোলা তুমি সমষ্টি, তেনে যেতিয়া তোমাৰ সুষুপ্তি (টোপনি) অৱস্থা ঘটে, তেতিয়া স্থূল শৰীৰ বিৰাট পৰি থাকে