লোকৰ উপাসনা কৰিম নে, পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ উপাসনা
কৰিম ? ইয়াৰ উত্তৰত তোমালোকে নিজ নিজ চিৰবদ্ধমূল কুসংস্কাৰ
মান, অপমান, জয়, পৰাজয় প্ৰভৃতি নানা সামাজিক স্বাৰ্থ এৰি
বিচাৰ কৰি সাৰভাব গ্ৰহণ কৰিলে পৰমানন্দ লাভ কৰিব পাৰিবা,
আৰু জগতত শান্তি স্থাপিত হব আৰু তোমালোকৰ মঙ্গলকাৰী
ইষ্টৰ যথাৰ্থ উপাসনা কৰা হব । সাগৰৰ যেনে সৰু, বৰ, মজলীয়া
নানা তৰহৰ ঢৌ, ফেন, বুদবুদ উঠে, পুনৰায় সাগৰতে লয় হয়,
পুনৰায় উঠিছে আৰু লয় হৈছে, সেইদৰে এই ব্ৰহ্মৰূপ সমুদ্ৰত
জগতৰূপ ঋষি, নি, অবতাৰ, ফেন, বুদবুদ, ঢৌৰূপে উঠিছে আৰু
লয় হৈছে। অনাদি কালৰ পৰা এইৰূপ চলি আহিছে আৰু চলি
থাকিব । ফেন, বুদবুদ, ঢৌ, সৰু, বৰ, মজলীয়া সকলে এক
সাগৰৰ পৰা জন্মি এক সাগৰতে লয় হব । চিৰকাল কোনো নাই
আৰু নাথাকিবও ৷ সেইদৰে এই ব্ৰহ্ম সমুদ্ৰ ঋষি, মুনি, অব-
তাৰসকল আৰু জ্ঞানী, অজ্ঞানী, মূৰ্গ, পণ্ডিত, ধনী, দৰিদ্ৰ, পশু, পক্ষী,
কীট, পতঙ্গ, বৃক্ষ, লতা প্ৰভৃতি বিশ্বব্ৰহ্মাণ্ড সকলে ফেন, বুদবুদ, ঢৌৰূপে
জন্মিছে, লয় হৈছে আৰু জন্মিব, লয় হব, ফেন বুদবুদাদিৰ নিচিনা
কোনো চিৰকাল নাথাকিব, কেবল বিৰাট ব্ৰহ্ম সাগৰৰ নিচিনা
অনাদি কালৰপৰা পৰিপূৰ্ণ অখণ্ডাকাৰে আছে সেই দৰেই থাকিব।
যি স্থলত ফেন, বুদ বুদ, টৌ, প্ৰভৃতি একে বস্তু সি স্থলত এটা
ফেন, বুদবুদে, মুক্তি পাবৰ নিমিত্তে আন এটা ফেন, বুদবুদৰ
দৰে উপাসনা কৰে সি কেতিয়াও তাক মুক্তি দিব নোৱাৰে। কাৰণ
সিহঁত পৰস্পৰ একে বস্তু, একৰেপৰা জন্ম হৈছে । কিন্তু সাগৰে
মুক্তি দিব পাৰে, সাগৰৰ সেই ক্ষমতা আছে । সৰু, বৰ, মজলীয়া যেনে
তৰহৰ ঢৌ, ফেন, বুদ বুদ হওক সাগৰে ইচ্ছা মাত্ৰেই অপোনাৰ
পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/২৬
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪
সাৰনিত্যক্ৰিয়া
