পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/২৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫
সৃষ্টি প্রকৰণ


ৰূপ কৰি লব পাৰে। সেই দৰ ফেন, বুদ বুদৰূপী ঋষি, মুনি অবতাৰসকলক উপাসনা কৰিলে কোনো ফল নাই আৰু প্ৰয়োজনো নাই। ডাঙৰ ফেন, বুদ বুদ, ঢৌক অবতাৰ বুলি জানিবা। মজ- লীয়াক ঋষি মুনি, অৰু সৰুবিলাকক তোমালোক সকলে পৰুৱা পিপৰা পৰ্যন্তক জানিবা যেতিয়া তেওঁলোক জগতত স্থূল শৰীৰ ধাৰণ কৰি বৰ্তমান থাকে, তেতিয়া তেওঁলোকৰপৰা প্ৰীতি আৰু ভক্তি কৰি সং উপদেশ গ্ৰহণ কৰিব ল। যেতিয়া তেওঁবিলাক ফেন, বুদ বুদৰ নিচিনা সমুদ্ৰৰূপী পৰমাত্মাত লম্বা পায়গৈ, আৰু পৃথক অস্তিত্ব , নাথাকে, তেতিয়া তেওঁবিলাকৰ পৃথক উপাসনা ভক্তি কৰিবৰ অবশ্যক নাই। কেবল সমুদৰূপী নিবাকাৰ সাকাৰ অখণ্ডকাৰ পূৰ্ণপৰব্ৰহ্ম, জ্যোতিঃস্বৰূপ বিৰাট পৰমাত্মাৰ উপাসনা কৰিবা ৷ কাৰণ তেওঁহে একমাত্ৰ জ্ঞান আৰু মুক্তি দিব পাৰে। স্ত্ৰী পুৰুষ সকলোৰে এই বিষয় বুজা কৰ্তব্য।

——


জড় আৰু চেতন

হে মনুস্যসকল ৷ নিজৰ মান অপমান, জয় পৰাজয় সামা- জিক স্বাৰ্থ এৰি, গম্ভীৰ আৰু শান্ত হৈ সাৰভাব গ্ৰহণ কৰিবা। যাতে তোমালোকৰ নিজৰ মঙ্গলকাৰী ইষ্ট দেবতাক চিনি তেওঁত নিষ্ঠা ৰাখি সকলোৱে পৰমানন্দে আনন্দৰূপ থাকিব পাৰা।