পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/২৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩
সৃষ্টি প্ৰকৰণ


বিকাৰ কিম্বা পৰিবৰ্তন নহয়। কিন্তু উপাধি ভেদে ফেন, বুদবুদ আৰু ঢৌৰ বিকাৰ আৰু পৰিবৰ্তন আছে। ফেন বুদবুদ আৰু ঢৌ প্ৰভৃতিৰ যদি চেতনা থাকে, তেন্তে সিহঁতে ভাবিব পাৰে যে আমাৰ উৎপত্তি, স্থিতি আৰু লয় আছে। কিন্তু সিহঁতৰ স্বৰূপ জ্ঞান উদয় হলে সিহঁতে বুজিব পাৰিব যে সিহঁতৰ কোনো বেলেগ সত্তা নাই। সিহঁতত সাগৰৰ পানী মাত্ৰ। সাগৰৰ উৎপত্তি, স্থিতি আৰু লয় নাথাকিলে সিহতৰে। উৎপত্তি, স্থিতি আৰু লয় নাই। কাৰণ সিহঁতো প্ৰকৃত পক্ষে সাগৰৰে পানী কেবল মাত্ৰ ৰূপান্তৰিত। জল- ময় সাগৰৰ উৎপত্তি, স্থিতি আৰু লয় একো নাই। যেনে আছিল তেনেই পৰিপূৰ্ণ অখণ্ডাকাবে আছে। এই দৰে ব্ৰহ্মৰ সৃষ্টি হোৱা বা কৰাৰ ভাব বুজিবা। কিন্তু সন্দেহ হব পাৰে যে, বায়ুৰ দ্বাৰাই পৰিচালিত হৈ সাগৰত ঢৌ, ফেন, বুদবুদ উঠে, সুতৰাং বায়ু সেই সকলৰ উৎপত্তিৰ কাৰণ হৈছে। এই স্থলত ব্ৰহ্মত কি কাৰণ ঘটিল যে তেওঁ এই চৰ।ৰ জগত স্বৰূপে বিস্তৃত হল। তাৰ উত্তৰ এই দৰে বুজিবা, পূৰ্ণপব্ৰহ্ম এই স্থলত সমুদ্ৰ, তেওঁৰ ইচ্ছা শক্তি “মই বহুৰূপ হম” এয়েই সৃষ্টিৰ কাৰণ ৰূপ বায়ু বুলি জানিবা। আৰু এই ইচ্ছা শক্তিকে মায়া বা প্ৰকৃতি বোলে। জগত চৰাচৰ ফেন, বুদবুদ, ঢৌ৷

 স্বৰূপ পক্ষত সমুদ্ৰৰূপী পৰমাত্মাৰ উৎপত্তি, স্থিতি, লয় একে নাই কিন্তু উপাধি ৰূপান্তৰ ভেদে তোমালোক অজ্ঞানতাজনিত মনত বিকাৰ আৰু পৰিবৰ্তন, সৃষ্টি, স্থিতি, লয়, প্ৰলয়, জন্ম, মৃত্যু ইত্যাদি বোধ হৈছে। জ্ঞান স্বৰূপ বোধ হলে সকলো প্ৰম লয় হব আৰু পূৰ্ণপৰব্ৰহ্মক কেবল অখণ্ডাকাৰে দেখিবা।

 যদি কোনোৱে সোধে, যিসকল ঋষি, মুনি আৰু অবতাৰে শৰীৰ ধাৰণ কৰিছিল, অমাৰ অজ্ঞানতা দূৰ কৰিবৰ নিমিত্তে তেওঁ