পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/২৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২
সাৰনিত্যক্রিয়া


অবস্থাৰ ৰূপান্তৰ স্বপ্ন, অৰু স্বপ্নৰ ৰূপান্তৰ জাগৰিত, জাগৰিতৰ ৰূপান্তৰ স্বপ্ন, স্বপ্নৰ ৰূপান্তৰ সুষুপ্তি টোপনি) তিনিও অবস্থাত তুমি একেজন থাকা। জাগৰিত অবস্থাত নানা শৰে তুমি নানা কাৰ্য্য কৰা, তাকে সৃষ্টি বুলি বুজিবা। সুষুপ্তি অৰ্থাৎ টোপনি অবস্থাত সৃষ্টি প্ৰলয় বুলি জানিব।

———


 এই দেখি থকা চৰাচৰ ব্ৰহ্মাণ্ড পদ সৃষ্টি কৰিছে নে, নিজে সৃষ্ট হৈছে? এই কথা এই অধ্যায়ৰ আলোচনাৰ বিষয়। স্বৰূপ অবস্থা নহলে অথাৎ অজ্ঞানতা দূৰ ন’হলে ইয়াক স্থিৰকৈ বুজিব নোৱাৰি। পাঠকসকলে গম্ভীৰ আৰু শান্তশিষ্ট বিচাৰ কৰি সাৰ ভাব গ্ৰহণ কৰিব। পৰমাত্মা পূৰ্ণ অপণ্ডাকাৰ সৰ্বশক্তিমান অনাদি আৰু অনন্ত। যি অনন্ত সেয়ে অনাদি আৰু যি অনাদি (অৰ্থাৎ যাৰ আদি নাই) সেয়ে অসৃষ্ট অৰ্থাৎ তাৰ উৎপত্তি নাই, আৰু যি অনন্ত তাৰ অন্ত নাই। সুতৰাং পৰব্ৰহ্মৰ উৎপত্তি আৰু লয় নাই আৰু তেওঁক কোনেও সৃষ্টি কৰা নাই, সদায় নিজেই আছে। উদাহৰণ স্বৰূপ তেওঁক মহাসমুদ্ৰ ৰূপে কল্পনা কৰা। সাগৰৰপৰা নানা প্ৰকাৰ সৰু বৰ আৰু মজলীয়া অসংখ্য; টৌ, ফেন, আৰু বুদ- বুদ বেলেগ বেলেগ ৰূপে উঠে অথচ সাগৰ পানীৰ স্বৰূপত কোনো