বিচাৰ কৰি বুজা উচিত এই চৰাচৰ জগত সত্যৰপৰা হৈছে
নে মিছাৰপৰা হৈছে ? যদি জগত চৰাচৰ মিছাৰপৰা হৈছে
তেন্তে তুমি আৰু তোমাৰ বোৰ আৰু বিশ্বাস সকলে মিছা। যদি
নিজেই মিছা, ঈশ্বৰ সত্য আছে বুলি যে তুমি বিশ্বাস কৰিছা,
তেওঁ কেনেকৈ সঁচা হব ? কাৰ জগৎময় মিছা সৃষ্ট বস্তু। তুমি
আৰু তোমাৰ বিশ্বাস আৰু যাক বিশ্বাস কৰিছা সকলো মিছা হব,
কেতিয়াও সঁচা হব নোৱাৰে। যদি তুমি সত্য চৈতন্যৰপৰা হৈছা
তেন্তে তুমি আৰু তোমাৰ বিশ্বাস সঁচা আৰু যাক বিশ্বাস কৰিছা
তেওঁ সঁচা। কাৰণ সঁচাৰপৰা সাৰ উপলব্ধি হয়, মিছাৰপৰা
কেতিয়াও সঁচাৰ উপলব্ধি হব নোৱাৰে। যেনে কাৰণ স্বৰূপ সঁচা
মাতা-পিতাৰপৰা পুত্ৰ কন্যা হয়, আৰু পুত্ৰ-কন্যা সঁচা স্বৰূপেই
বিদ্যমান থাকে আৰু পুত্ৰ-কন্যাই নিজক সঁচা বোধ কৰি সঁচা স্বৰূপ
মাতা-পিতা সঁচা বুলি বিশ্বাস কৰে যে আমি সঁচাৰপৰা হৈ
সঁচাস্বৰূপেই বিদ্যমান আছে। যদি কাৰণ স্বৰূপ মাতা-পিতা মিছা
হয় তেনে পুত্ৰ-কন্যা ও মিছা। পুত্ৰ-কন্যা মিছা হলে মাতা পিতাও
মিছা। সেইদৰে কাৰণ স্বৰূপ পূৰ্ণপৰব্ৰয় যদি সত্য হয় আৰু তেওঁৰে
পৰা যদি জগত চৰাচৰ হৈছে তেনে তুমি সঁচাৰপৰা হৈছ। আৰু
সঁচা স্বৰূপেই আছি, আৰু বি বিশ্বাস কৰিছা যে সত্যস্বৰূপ ঈশ্বৰ
আছে এই কথাও সঁচা। ব্ৰহ্ম একমাত্ৰ সঁচা। সত্য একৰ বাহিৰে
দুই হব নোৱাৰে আৰু সঁচ কেতিয়াও মিছা নহয়। সঁচা সঁচাই
থাকে কেবল পৰমাত্মাৰ ইচ্ছত ৰূপান্তৰ হয় মাত্ৰ। নিৰাকাৰৰ
পৰা সাকাৰ আৰু সাকাৰৰ পৰা নিৰাকাৰ হয়। অৰ্থাৎ কাৰণৰ
পৰা সূক্ষ্ম আৰু সূৰপৰা স্থূল হয়, আৰু স্থূলৰপৰা সূক্ষ্ম, সূক্ষ্ম
পৰা কাৰণ নিৰাকাৰ ৰূপ স্থিতি হয়। যথা সুষুপ্তি টোপনি)
পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/২৩
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১
সৃষ্টি সচা বা মিছা
