পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/২২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০
সাৰনিত্যক্ৰিয়া


তাক নাজানি, আৰু বিচাৰ নকৰি, জ্যোতিঃস্বৰূপ জগত মাতা- পিতাৰ পৰা বিমুখ হোৱাত মনুস্যসকলৰ নানা দুৰ্দশা হৈছে। যথাৰ্থ মঙ্গলকাৰী ইষ্ট দেবতা যি ভিতৰে বাহিৰে অখণ্ডকাৰে পৰিপূৰ্ণৰূপে অনাদি কালৰপৰা বিৰাজমান আছে, তেওঁক এৰি কল্পিত বেলেগ বেলেগ দেব-দেবীৰ উপাসনা কৰি ভ্ৰমত পৰিছে।

————


সৃষ্টি সঁচা বা মিছা

 সকলোৱে কয় যে আমাৰ ইষ্টদেৱ পৰমেশ্বৰ পূৰ্ণ আৰু সৰ্ব শক্তিমান। কিন্তু যিসকলৰ স্বৰূপ-বোধ নাই, সিবিলাকে নিৰাকাৰ ব্ৰহ্মক বেলেগ আৰু সাকাৰ এন্ধক বেলেগ বোধ কৰে। নিৰাকাৰ ব্ৰহ্ম সাকাৰ ব্ৰহ্ম চৰাচৰ সৈতে পূৰ্ণ আৰু সৰ্বশক্তিমান আৰু সাকাৰ ব্ৰহ্ম নিৰাকাৰ ব্ৰহ্মে সৈতে পূৰ্ণ আৰু সৰ্বশক্তিমান ৰূপে অখণ্ডা- কাৰে সৰ্ব্বকালে বৰ্তমান আছে ইয়াক সিবিলাকে নাজানে। নিৰা- কাৰ ব্ৰহ্ম সাকাৰ ব্ৰহ্মক এৰি কেতিয়াও পূৰ্ণ আৰু সৰ্ব্বশক্তিমান হব নোৱাৰে, আৰু সাকাৰ ব্ৰহ্ম ও নিৰাকাৰ ব্ৰহ্মক এৰি কেতি যাও পূৰ্ণ আৰু সৰ্বশক্তিমান হব নোৱাৰে। ' নিৰাকাৰ একদেশী ব্যষ্টি আৰু সাকাৰ একদেশী ব্যষ্টি হৈ পৰে। কোনো পূৰ্ণ আৰু সৰ্বশক্তিমান হব নোৱাৰে। সুতৰাং নিৰাকাৰ উপাসকলৰ কিম্বা সাকাৰ উপাসকসকলৰ কাৰে পূৰ্ণ আৰু সৰ্বশক্তিমান ৰূপে পৰমাৰ উপাসনা কৰা নহয়।