পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ব্ৰহ্মতত্ত্ব নিৰূপণ


পূৰ্ব্ব কিম্বা পশ্চিম যি দিকেই হওক ভক্তিৰে সৈতে নমস্কাৰ প্ৰণাম কৰিবা। যি ঠাইতে ভক্তিৰে নমস্কাৰ প্ৰণাম কৰিবা, সেই ঠাইৰে পৰা তেওঁ তোমালোকক দেখিবলৈ পাব। তোমালোকে তেওঁৰ তেজো গুণত ব্ৰহ্মাণ্ডৰ ৰূপ দেখিছা, তেওঁ তোমালোকক দেখিবলৈ বা জানিবলৈ নাপাইছেনে?

 বেদ শাস্ত্ৰৰ মূল ত্ৰিসন্ধ্যা, ত্ৰিসন্ধ্যাৰ মূল ব্ৰহ্মগায়ত্ৰী, ব্ৰহ্মগায়ত্ৰীৰ মূল এক অক্ষৰ “ওঁ” (প্ৰণব) মন্ত্ৰ; “ওঁ” মন্ত্ৰৰ মূল পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃ- স্বৰূপ বিৰাট ভগবান চন্দ্ৰমা সূৰ্য্যনাৰায়ণ, সূৰ্য্যনাৰায়ণৰে নাম “ওঁ”। যদি সন্ধ্যা আহ্লিক নকৰি কেৱল ব্ৰহ্মগায়ত্ৰী জপ কৰে অথবা সন্ধ্যা আহ্লিক আৰু ব্ৰহ্মগায়ত্ৰী দুইকো নকৰি কেবল ওঁ মন্ত্ৰ ভক্তিৰে সৈতে জপ কৰে সকলো মন্ত্ৰ সন্ধ্যা আহ্ণিক ব্ৰহ্মগায়ত্ৰী ইত্যাদি জপ কৰা হয়, আৰু সকলো দেব-দেবীৰ উপাসনা কৰা হয়। অৰ্থাৎ নিৰাকাৰ সাকাৰ পূৰ্ণৰূপে পৰব্ৰহ্ম জ্যোতিঃস্বৰূপ ভগবানৰ জপ উপাসন কৰা হয়। কল্পিত বেলেগ বেলেগ মন্ত্ৰজপ আৰু বেলেগ বেলেগ কল্পিত দেব- দেবীৰ উপাসনা কৰি সময় নষ্ট কৰিবৰ প্ৰয়োজন নহয়।

 হে মনুষ্যসকল! সত্যপথৰ কাঁইট স্বৰূপ মান অপমান জয় পৰাজয় ইচ্ছা সামাজিক নানা কুসংস্কাৰ আৰু স্বাৰ্থ এৰি ভক্তিৰে পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ বিৰাট ভগবান সূৰ্য্য়নাৰায়ণক নমস্কাৰ, প্ৰণাম আৰু ধ্যান ধাৰণা কৰা আৰু এওঁৰ শৰণাগত হোৱা। সকলো দেব-দেবী পৰমেশ্বৰৰ উপাসনা কৰা হব আৰু সকলো প্ৰকাৰ আপদ-বিপদৰ পৰা মুক্ত হব। ইয়াক নিশ্চয় সত্য সত্য জানিবা।

 বেদান্তত উল্লেখ আছে যে সূৰ্য্যনাৰায়ণ ঈশ্বৰৰ দুই অঙ্গ। এক নিৰাকাৰ নিগুণ অদৃশ্যভাবে আৰু এক প্ৰকাশমান জগত স্বৰূপে বিদ্যমান আছে। বেদশাস্ত্ৰত প্ৰকৃত দেব-দেবী কাক বলে