সমললৈ যাওক

পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাৰনিত্যক্ৰিয়া


স্থিতি হয়। পুনৰায় আপোন ইচ্ছানুসৰি জগৎৰূপে প্ৰকাশ হয়। এওঁৰ বাহিৰে আন কোনো পূৰ্ব্বে হোৱা নাই, বৰ্ত্তমান কালতো নাই আৰু ভবিষ্যততো কোনো হব নোৱাৰে আৰু হবৰ সম্ভাবনাও নাই, ইয়াক নিশ্চয় জানিবা। বিৰাট ব্ৰহ্ম সূৰ্য্যনাৰায়ণেই সকলো দেব দেবী। এই কাৰণেই সকলো শাস্ত্ৰত কেবল সূৰ্য্যনাৰায়ণতে সকলো দেবতা দেবী বা ঈশ্বৰৰ উপাসনা কৰাৰ ব্যবস্থা আছে।

 বিবেচনা কৰা উচিত সুপাত্ৰ পুত্ৰ-কন্যাসকলে আপোনাৰ মাতা- পিতাক চক্ষুৰ আগত ভক্তিৰে নমস্কাৰ কৰিলে মাতা-পিতাৰ অঙ্গ- প্ৰত্যঙ্গৰ স্থূল, সূক্ষ্ম, সমষ্টিক নমস্কাৰ কৰা হয়। মাতা-পিতাইও চক্ষুৰে দেখি স্থূল, সূক্ষ্ম, অঙ্গ-প্ৰত্যঙ্গ সমষ্টিয়ে সৈতে সন্তোষ হয়। প্ৰত্যেক অঙ্গ-প্ৰত্যঙ্গক অৰ্থাৎ হাত পিতাক আৰু ভৰি পিতাক ভিন্ন ভিন্ন কৈ নমস্কাৰ কৰিবৰ প্ৰয়োজন নহয়। সেইদৰে পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ নিৰাকাৰ সাকাৰ বিৰাট ভগবানৰ চক্ষু চন্দ্ৰমা সূৰ্য্যনাৰায়ণ জ্যোতিঃস্বৰূপ মাতা-পিতাৰ সমুখে আমি সকলো সন্তানে ভক্তিৰে প্ৰণাম কৰিলে, নিৰাকাৰ সাকাৰ সকলো দেব-দেবী চৰাচৰ সমষ্টিক প্ৰণাম কৰা হয়। বেলেগ বেলেগ কল্পিত দেব-দেবীৰ নাম লৈ প্ৰণাম কৰাৰ কোনো প্ৰয়োজন নাই। যেতিয়া জ্যোতিঃস্বৰূপ ব্ৰহ্ম দিনত বা ৰাতিত সূৰ্য্য়নাৰায়ণ চন্দ্ৰমাৰূপে প্ৰত্যক্ষ প্ৰকাশিত থাকে, উদয় অস্তৰ সময়ত শ্ৰদ্ধা-ভক্তি কৰি ল'ৰা বুঢ়া আৰু ডেকা সকলোৱে নমস্কাৰ প্ৰণাম কৰিব। দিনত বা ৰাতিত যেতিয়া জ্যোতিঃস্বৰূপে প্ৰকাশ হৈ নাথাকি নিৰাকাৰ ভাবে থাকে, তেতিয়া তোমালোকে ঘৰৰ বাহিৰত কিম্বা ভিতৰত আসনৰ ওপৰত কিম্বা মাটিতে যি অবস্থাত থাকা, উত্তৰ দক্ষিণ