পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ব্ৰহ্মতত্ত্ব নিৰূপণ


বাহিৰে একে বিৰাট ভগবান পৰিপূৰ্ণৰূপে অখণ্ডকাৰে বিদ্যমান আছে। যেনে তোমাৰ অঙ্গ-প্ৰত্যঙ্গ বাহিৰে বেলেগ বেলেগ দেখা গৈছে যথা হাত, ভৰি, নাক, কাণ, ইত্যাদি, কিন্তু তুমি বেলেগ বেলেগ নহয়। সমস্ত অঙ্গ-প্ৰত্যঙ্গ স্থল আৰু সূক্ষ্ম শৰীৰ সকলে গুণসহ সমষ্টি একেজন বিদ্যমান আছা। যি দৰে তুমি এক এক অঙ্গৰ এক এক শক্তিৰ দ্বাৰাই এক এক কাৰ্য্য নিষ্পন্ন কৰিছা, সেইদৰে বিৰাট ভগবানে এক এক অঙ্গ-প্ৰত্যঙ্গৰ এক এক শক্তিৰ দ্বাৰাই এক এক প্ৰকাৰ কাৰ্য্য় কৰিছে আৰু কৰাইছে। পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ বিৰাট ভগবানৰ অঙ্গ-প্ৰত্যঙ্গ বাহিৰে সাত প্ৰকাৰ বোধ হয় যথা পৃথিবী, পানী, জুই, বতাহ, আকাশ, জোন আৰু সূৰ্য্যনাৰায়ণ, কিন্তু তেওঁ সাতোটা নহয়। তেওঁ জ্যোতিঃ নিৰাকাৰ সাকাৰ চৰাচৰে সৈতে পৰিপূৰ্ণৰূপে অখণ্ডাকাৰে একেজন বিদ্যমান আছে। তোমাৰ খং উঠিলে তোমাৰ অঙ্গ-প্ৰত্যঙ্গ সকলো খঙাল হয়, বা তুমি সন্তুষ্ট হলে সমস্ত অঙ্গ-প্ৰত্যঙ্গ সন্তুষ্ট হয়, সেইদৰে জ্যোতিঃস্বৰূপ সূৰ্য্য়নাৰায়ণ ক্ৰোধান্বিত বা সন্তুষ্ট হলে সমস্ত চৰাচৰ ক্ৰোধান্বিত বা সন্তুষ্ট হয়। যেনে “তুমি” শৰীৰৰ মাজত শ্ৰেষ্ঠ, সেইদৰে চৰাচৰৰ মাজত জ্যোতিঃস্বৰূপ সূৰ্য্যনাৰায়ণ শ্ৰেষ্ঠ। তোমাৰ সকলো ইন্দ্ৰিয়াদি তোমাৰ ইচ্ছাৰ অধীন আৰু তোমাৰ দ্বাৰাই পৰিচালিত, সেইদৰে এই চৰাচৰ জগৎ সূৰ্য্য়নাৰায়ণৰ অধীনত পৰিচালিত। শুদ্ধ, চেতন, নিৰাকাৰ কাৰণ, পৰব্ৰহ্ম সূৰ্য্যনাৰায়ণৰূপে স্বতঃ প্ৰকাশ হৈছে, সূৰ্য্য়নাৰায়ণৰ পৰা এই স্কুল চৰাচৰ জগৎ প্ৰকাশ হৈছে। যেতিয়া এই জগৎ ব্ৰহ্মাণ্ডক প্ৰলয় কৰে, তেতিয়া সূৰ্য্যনাৰায়ণ বাৰ কলা তেজোৰূপী হৈ এই স্থূল জগতক ভস্ম অৰ্থাৎ ৰূপান্তৰ বা আপোনাৰ স্বৰূপ কৰি নিৰাকাৰ নিৰ্গুণ কাৰণত