পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/১৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে



সাধাৰণ উপদেশ

সৰ্ব্বদা সত্য, শুদ্ধ, চেতন পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ গুৰু মাতা-পিতা অতি নিষ্ঠা ৰাখিবা। বিচাৰ কৰি ব্যবহাৰিক আৰু পাৰমাৰ্থিক কাৰ্য্য গম্ভীৰ আৰু শান্তৰূপে সমাধা কৰিব। যাতে সকলো বিষয়ে সপৰিবাবে পমননে আনন্দৰূপ হৈ থাকিব পাৰা তাকে কৰিবা। অলপতে তুষ্ট আৰু পৰৰ উপকাৰত ৰত থাকিবা। যাতে জগতৰ মঙ্গল হব কে কৰা উচিত, গতৰ মঙ্গল হলে নিজৰ মঙ্গল, নিজৰ মঙ্গল হলে সমস্ত জাত মঙ্গলময় হয়। কাৰণ সমস্ত জাত অপপানাৰ আত্মা আৰু পৰমাত্মাৰ স্বৰূপ। ব্যবহাৰিক আৰু পৰমাৰ্থিক দুয়ো কাৰ্য্য চোকা ভাবে কৰা উচিত। ইয়াৰ কোনো কামত এলাহ কৰিব নালাগে। যি কামত এলাহ কৰা হয় সেই কমি কেতিয়াও উত্তমৰূপে সিদ্ধি নহয়। সকলো মানুহে আপোন অপোন সন্তানসকলক সত্য কথা কবলৈ আৰু সত্যত প্ৰগাঢ় নিষ্ঠা ৰাখিবলৈ, আৰু কাৰো নিন্দাবাদ নকৰি সকলোৰে প্ৰিয়বাদী হবৰ নিমিত্তে শিক্ষা দিয়া উচিত। কেতিয়াও কাকো সং পাৰপৰা বিমুখ নকৰি সদায় সকলোকে সৎপথ দেখুৱাই দিবা। যেনে কোনো পথাৰত ধান ৰুলে ধান সামৰিবলৈ পায়, আৰু সেই পথাৰত কঁাইট ৰুলে কাইট সামৰিবলৈ পায়, সেইদৰে এই জগতত কোনেও কাৰো ইষ্ট বা অনিষ্ট কৰিলে সেইৰূপ ফল পোৱা হয়। বিচাৰ কৰি চাবা ‘মই" কোন, মোৰ স্বৰূপ কি? আৰু পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ ভগবান গুৰুৰ স্বৰূপ কি? মই কোন স্বৰূপে তেওঁৰ কোন স্বৰূপৰ ধ্যান ধাৰণ বা উপাসনা কৰি