পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/১৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সাধাৰণ উপদেশ


সকলো বিষয়ে সপৰিবাৰে পৰমানন্দে আনন্দৰূপ হৈ থাকিব পাৰোঁ ? তুমি ইমান দিন ক’ত আছিলা ? ক'ৰ পৰা আহিছা ? মৰাৰ পাছত ক'লৈ যাব লাগিব ? সুদা হাতে আহিছা, সুদা হাতে যাব লাগিব। কোনো বস্তু লগত অহা নাই আৰু লগত নাযাবও। আন কি এই স্থূল দেহটিও লগত নাযাব। কেবল একমাত্ৰ ধৰ্ম অৰ্থাৎ পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপ সাৰ বস্তু লগত যাব, লগত আহে আৰু সদায় লগত থাকে।

 জ্ঞানী লোকৰ ভাবাৰ্থত মনোযোগ কৰা উচিত। শব্দাৰ্থত মন দিয়া উচিত নহয়। কাৰণ শব্দাৰ্থ কামধেনুৰ নিচিনা, তাৰ সীমা নাই। ভাবাৰ্থ কি? —যেনে পানী এক পদাৰ্থ, দেশ আৰু ভাষা বিশেষে ইয়াৰ নানা প্ৰকাৰ নাম কল্পিত হৈছে। যথা জল, পানী, নীৰ, সৰিৎ, তোয়, অপু, বাৰি, জীবন, ৱাটাৰ, নিলু, তনি ইত্যাদি। কিন্তু পদাৰ্থ একে। পানী পদাৰ্থক এৰি, কেবল নাম আৰু শব্দাৰ্থক ধৰিলে, তৰ্কৰ সীমা নাথাকে, পিয়াহ নুগুচে। জল এই শব্দৰ প্ৰত্যেক অক্ষৰৰ শব্দাৰ্থ কৰিলে জ + অ + ল এই তিনটি শব্দ হয়। “জ‘‘ৰ অৰ্থ এই দৃশ্যমান স্কুল জগত। “অ” অব্যয় শক্তি, বাৰপৰা তোমালোকে সকলো কাৰ্য্য কৰিছা। “ল” লিঙ্গাকাৰ স্কুল, সূক্ষ্ম আৰু কাৰণ। এতিয়া দেখা জল শব্দৰ কিমান শব্দাৰ্থ ওলাল। ইয়াৰ পাছৰ পানীৰ অন্যান্য নামৰ প্ৰত্যেক অক্ষৰৰ অভিধানুসাৰে শব্দাৰ্থ কৰিলে একোটা যুগ যাব, আৰু কিমান শাস্ত্ৰ ৰচনা হব পাৰে তাৰ সীমা নাথাকে। কিন্তু মই যে ইমান দুঃখেৰে জল শব্দৰ অৰ্থ কৰি মৰিলো, তাত পানীৰ একো নহল। পানী যি বস্তু সেয়ে থাকিল, মোৰ কেবল কষ্টহে সাৰ হল। মই সকলো শব্দাৰ্থ আৰু নানা প্ৰকাৰ উপাধি এৰি, পানী