ভেল্কীত বিশ্বাস ১০৫
এটি নাথাকিলে কোনাে নাথাকে। এটি থাকিলে তিনিয়েটি থাকিব। যেনে, জ্ঞান নাথাকিলে টোপনিৰ অৱস্থাত ভক্তি আৰু কৰ্ম্ম দুয় নাথাকে, জাগৰিত অৱস্থাত তিনিয়ােটি থাকে। যাৰ জ্ঞান আছে তাৰ ভক্তি আৰু কৰ্ম্ম দুয়াে আছে। যাৰ ভক্তি আছে তাৰ জ্ঞান আৰু কৰ্ম্ম দুয়ে আছে। জ্ঞান আৰু ভক্তি নহলে যি শৰীৰ আৰু মনৰ পৰিশ্ৰম সি কৰ্ম্মই নহয় । | মানুহ মাত্রই মিছা স্বার্থ আৰু আড়ম্বৰ এৰি এইদৰে সাৰ ভাব গ্রহণ কৰি আৰু জগতৰ হিত সাধনত ৰত হৈ পৰমানন্দে আনন্দৰূপে অৱস্থিতি কৰা ।
ভেষ্কীত বিশ্বাস
যিসকল অজ্ঞানী লােক অপােন ইষ্ট দেৱ পৰমাত্মাব পৰা বিমুখ,
তেওঁলােকে সাধুসকলৰ পৰা ভােজ বিদ্যা আৰু ভেল্কী দেখিবৰ ইচ্ছা
কৰে আৰু তাকে দেখি তেওঁক ভক্তি কিম্বা ঈশ্বৰক বিশ্বাস আৰু
ভক্তি শ্রদ্ধা কৰিব খােজে। তেনে বিশ্বাসক ধিক্, আৰু যি বিশ্বাস
কৰে তেওঁকে ধিক, আৰু যিসকলে সাধু সাজি মানুহসকলক এই
দৰে ভেল্কী দেখাই আপােনাৰ সেৱা কৰাই লয়, আৰু সত্যৰ পৰা
আপুনি বিমুখ হৈ হানকে সত্যৰ পৰা বিমুখ কৰে সিহঁতকে
ধিক। বিচাৰ কৰি ঈশ্বৰৰ মহিমা দেখা যে জন্ম হােৱাৰ পূৰ্ব্বে
তােমাৰ কোনাে বােধাবােধ নাছিল যে তুমি স্ত্রী নে পুৰুষ আছিল।
আৰু এই দৰৰ সৃষ্টি ৰাজ বাছাই কেতিয়াও দেখা নাই। কিন্তু