পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
সাৰ নিত্যক্ৰিয়া


এতিয়া প্ৰত্যক্ষ নানা প্ৰকাৰ সৃষ্টি ব্ৰহ্মাণ্ড দেখিবলৈ পাইছা আৰু দুঃখ-সুখ বোধ হৈছে। পৰমেশ্বৰ পৰমাত্মাৰ এই প্ৰত্যক্ষ নানা প্ৰকাৰ লীলা আৰু মহিমা দেখি চেতন হৈ তেওঁত বিশ্বাস আৰু ভক্তি নহয়, তেওঁৰ পৰা বিমুখ হৈ আছা আৰু সামান্য বাজীকৰৰ ভোজ বিদ্যা দেখি, সেই লোকক বিশ্বাস বা ভক্তি কৰিবৰ ইচ্ছা কৰা!কি ঘৃনাৰ বিষয়! ই কি জ্ঞানী মানুহৰ উচিত কাৰ্য্য়? যদি এইদৰে ভেল্কী দেখি সাধুক আৰু ভগবান পূৰ্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপক বিশ্বাস আৰু ভক্তি কৰিব লগা হয় তেনে বাজীকৰে নানা প্ৰকাৰ শক্তিৰে ভোজ বিদ্যা আৰু ভেল্কী দেখায়, সেই নিমিত্তে বাজীকৰক বিশ্বাস আৰু ভক্তি কৰা উচিত নে? সত্যত বিশ্বাস নকৰি প্ৰপঞ্চত বিশ্বাস কৰি ৰজা প্ৰজা সকলো আপোন যথাৰ্থ ইষ্টদেব পৰমাত্মা সত্যৰ পৰা বিমুখ হৈ ভ্ৰমত পৰি উচ্ছন্ন গৈছে!