পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জ্ঞান ভক্তি আৰু কৰ্ম্ম

 জ্ঞান, ভক্তি আৰু কৰ্ম্মৰ প্ৰাধান্য আৰু অপ্ৰাধান্য লৈ সদায় মানুহে দ্বন্দ্ব, বিদ্বেষত নানা প্ৰকাৰ কষ্ট ভোগ কৰে। কোনোৱে বোলে, জ্ঞান ব্যতিৰেকে মুক্তি নহয়, জ্ঞানেই প্ৰধান। কোনোৱে বোলে ভক্তি, কোনোৱে বোলে কৰ্ম্ম একমাত্ৰ মুক্তিৰ উপায়। ইয়াত গম্ভীৰ আৰু শান্ত চিত্তে মানুহ মাত্ৰই বিচাৰ কৰি সাৰ ভাব গ্ৰহণ কৰা।

 প্ৰত্যক্ষে দেখা, জুইৰ প্ৰকাশ হলে তাৰ লগতে জোনাক গুণ, উষ্ণতা, দাহিকা শক্তি আৰু বগা, ৰঙা, ক’লা বৰ্ণ প্ৰকাশ হয়। জুই নুমালে সেই সকলো গুণৰ ক্ৰিয়া লগতে নিৰাকাৰ হয়। আৰু দেখা, জাগৰিত অৱস্থাত তুমি প্ৰকাশমান হলে তোমাৰ লগতে তোমাৰ মন বুদ্ধি অহঙ্কাৰ প্ৰভৃতি শক্তি গুণ ক্ৰিয়া প্ৰকাশ হয়।পুনৰায় তোমাৰ টোপনি অৱস্থা ঘটিলে সেই সকলো শক্তি গুণ ক্ৰিয়া তোমাৰ লগতে অভিন্ন ভাবে কাৰণত স্থিতি হয়। সেইদৰে কোনো লোকত বিবেকৰ উদয় হলে তাৰ লগতে বিচাৰ বা জ্ঞান ভক্তি বা প্ৰীতি কৰ্ম্ম বা সাধন অনুষ্ঠান আপোনাআপুনি উদয় হয়।

 বিবেকী জীৱৰ যে পৰমাত্মাক পাবৰ ইচ্ছা, তাকে প্ৰীতি বা ভক্তি জানিবা আৰু বুদ্ধিৰ দ্বাৰাই তেওঁক পোৱাৰ উপায় অনুসন্ধানৰ নাম বিচাৰ বা জ্ঞান।যেতিয়ালৈকে তেওঁক আৰু আপোনাক অভিন্ন নেদেখিছা, তেতিয়ালৈকে যি ভক্তি কৰি বিচাৰ, অনুসন্ধান আৰু অন্য অনুষ্ঠান, তাকে কৰ্ম্ম জানিবা। এই তিনিৰো মাজত