সৎ শিক্ষা ১০৩
জীব মাত্র আত্মা পৰমাত্মাৰ স্বৰূপ। অতএব পৰমাত্মাৰ সম্মান ৰক্ষা কৰিব লগা হলে ভাল, বেয়া, গুণী, নিগুণ, সবল, বিকল চিনাকি, অচিনাকি সকলোৰে প্রতি সমানৰূপে সমাদৰ শিষ্টাচাৰ কৰিবা। | উদয় অন্তত প্রীতি কৰি চন্দ্রমা সূৰ্য্যনাৰায়ণ পূর্ণ পৰব্ৰহ্ম জ্যোতি স্বৰূপক আপোনাৰ শৰীৰ মন ইন্দ্রিয়াদি নিৰাকাৰ কৰি , স্কুল, সূক্ষ্ম, কাৰণ জগৎ চৰাচৰ স্ত্ৰী পুৰুষ নাম. ৰূপে সৈতে পূর্ণভাবে নমস্কাৰ কৰিবা। তাৰু আপোনাৰ দীনতা জনাই প্রার্থনা কৰিব। যাতে ব্যবহাৰিক আৰু পাৰমার্থিক কাৰ্য্য সুসম্পন্ন কৰি পৰমানন্দ লাভ কৰিব পৰা। গুৰু শিষ্য ভাবে ও সৎ গুৰু” মন্ত্র জপ কৰি তেওঁৰ উদাসনা কৰিব। আৰু জগতৰ মঙ্গলৰ নিমিত্তে প্রতিদিন যথাসাধ্য অগ্নিত আহুতি দিব। শৰীৰ মন ইন্দ্ৰিয়ৰ পবিত্রতা অৰু স্বাভাৱিক তেজোৰক্ষাৰ নিমিত্তে বিশেষ যত্ন কৰি ৰেতঃ ধাৰণ কৰিবৰ শিক্ষা দিবা। ইৰূপে ব্রহ্মচর্য্যৰ অনুষ্টান নকৰিলে সকলে। বিষয়ে টোক শত্তি হীন হৈ ভষ্ট হয় । পিতা-মাতাৰ বৰ্তব্য পৰমত্মাৰ বিধান ভানি ওইৰপে পুত্র-বাক যত্ন কৰি শি । কৰাব। আৰু তেওঁলোকৰ সদায় লক্ষ্য ৰখা উচিত যে কোনােমতে এই নিয়মৰ অতিক্ৰম নহয়। এই সকলো বিধি যাতে সকলে। ভাবে সকলােৰে দ্বাৰাই পৰিপালিত হয় তাক কৰা ৰজাৰ অৱশ্য কর্তব্য। এই সকলো নিয়ম ৰক্ষা কৰিলে পৰাত্মাৰ প্ৰসাদ ৰজা প্রজা সকলো পৰমানলে আনন্দৰূপ থাকিব। ওঁ শান্তিঃ শান্তিঃ শান্তিঃ ।