পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
সাৰনিত্যক্রিয়া


সি বিড়ম্বনা মাত্ৰ। আনৰ সৎগুণ প্ৰকাশ কৰিলে নীচ গুণ সহজে লয় হয়। এই নিমিত্তে দোষ প্ৰচাৰ নকৰি গুণৰ প্ৰকাশ কৰিবা, তাতে তুমিয়ে সৈতে সমস্ত জগৎ আনন্দময় দেখিবা।
 বালক-বালিকাসকলক সকলো বিষয়ে শুচি আৰু পৰিস্কাৰ থাকিবৰ শিক্ষা দিবা। যাতে শৰীৰ, মন, ইন্দ্ৰিয়, কাপোৰ, আহাৰ আৰু ব্যবহাৰ দ্ৰব্য, ঘৰ, বাড়ী বাট, ঘাট, প্ৰভৃতি পৰিস্কাৰ থাকে। অৱস্থা, ৰূপ, গুণ, ধন, কুল, শীল, বিদ্যা, বুদ্ধি প্ৰভৃতি বিষয়ত নিৰপেক্ষ হৈ স্ত্ৰী মাত্ৰকে সৰ্ব্ব উৎপত্তিকাৰিণী জগৎজননী জ্ঞান কৰি শৰীৰ মন আৰু বাক্যৰ দ্বাৰাই প্ৰত্যক্ষ অপ্ৰত্যক্ষ ভাবে সমাদৰ কৰা পুৰুষ মাত্ৰৰে কৰ্ত্তব্য। ইয়াৰ অন্যথাত শ্ৰেয়ঃ নাই, সদায় সকলো বিষয়ে পৰাধীন থাকিব লগা হয়।
 বিশেষ সতৰ্ক হৈ দৃষ্টি ৰাখিব যে কোমলমতি বালক-বালিকসকলৰ চুৰি, মিছা, ফাঁকি আৰু আনক সত্যভ্ৰষ্ট কৰিবৰ প্ৰবৃত্তি নজন্মে।
 প্ৰথমৰে পৰা বালক-বালিকাসকলে যেন ভক্তি শ্ৰদ্ধা কৰি মাতা-পিতা গুৰুজনক ৰাতিপুৱা গধূলি প্ৰণাম কৰে। নতুবা সিহঁতে জগতৰ মাতা-পিতা গুৰু পৰমাত্মা জ্যোতিঃস্বৰূপক শ্ৰদ্ধা ভক্তি কৰিবলৈ নিশিকিব। স্ত্ৰীলোকৰ সম্মান নাৰাখিলে কালী,দুৰ্গা, সৰস্বতী, সাবিত্ৰী, গায়ত্ৰী মাতা গোসানী অৰ্থাৎ সৰ্ব্বব্যাপিনী মঙ্গলময়ী জগৎজননী মহাশক্তিৰ সম্মান ৰক্ষা কৰা নহয়। যাৰ প্ৰসাদত জগতৰ মঙ্গল, স্ত্ৰীলোকৰ পূজাত তেওঁৰে পূজা। নতুবা কালী, দুৰ্গা প্ৰভৃতি হাজাৰ নাম লৈ বহু খৰচ বহু আড়ম্বৰযুক্ত যি কোনো পূজা কৰা সেই পূজা জগৎজননী মহাশক্তিয়ে গ্ৰহণ নকৰিব আৰু তাত কেতিয়াও মঙ্গল নহব। ইয়াক ধ্ৰুব সত্য জানিবা।