পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০১
সৎ শিক্ষা


বিদ্যা ভ্যাসৰ সৈতে এইৰূপ শিক্ষাৰ আবশ্যক যাতে পাছে সৎপথত থাকি শাৰীৰিক আৰু মানসিক পৰিশ্ৰম কৰি জীবিকা নিৰ্বাহৰ সমৰ্থ হয় আৰু পৰোপকাৰত ৰত থাকিব পাৰে।
  যাতে বিদ্যা বুদ্ধি ধন আৰু বলৰ সৎ ব্যবহাৰ হয় এনে শিক্ষা অতি শিশুকলতে আৱশ্যক। দুৰ্বলক ৰক্ষাৰ নিমিত্তে বলীৰ বল। অজ্ঞান গুচাবৰ নিমিত্তে জ্ঞানীৰ জ্ঞান। দুখীয়াৰ সহায়ৰ নিমিত্তে ধনীৰ ধন। মূৰ্খৰ আশ্ৰয় নিত্তে বিধানৰ বিদ্যা। এই প্ৰকাৰে পৰ- মাত্মাই জগতৰ অভাৱ দূৰ কৰিবৰ নিমিত্তে যথোপযুক্ত দ্ৰব্য সৃজন কৰিছে, সৎ ব্যবহাৰ কৰিলে জগতৰ সকলো অভাব পূৰণ হয়। ৰোগৰ নিমিত্তে ঔষধ। ভোকৰ নিমিত্তে অন্ন। পিযাহৰ নিমিত্তে পানী। উলঙ্গতাৰ নিমিত্তে কাপোৰ। এইৰূপে তেওঁ সকলো অভাৱ পূৰণ কৰিছে।
 সকলো সৎব্যৱহাৰৰ মূল আত্মদৃষ্টি বা সমদৃষ্টি। যিহত নিজৰ সুখ-দুঃখ, তাতে আনৰ সুখ-দুঃখ হয়। এইৰূপে বুজি আনৰ সুখ বৃদ্ধি আৰু দুঃখ হ্ৰাস কৰিবৰ সকলো ভাবে চেষ্টা কৰিব, তাতে সক- লোৰে জীৱন যাত্ৰা পৰমানন্দে নিষ্পন্ন হব।
 সকলোৰে স্বাধীন হবৰ ইচ্ছা। কিন্তু যথা উপায় নুবুজি আনক অধীন কৰি নিজে স্বাধীন হব খোজে। সকলোকে পূৰ্ণ স্বাধীনতা দিলেহে নিজে স্বাধীন হব পাৰে। নতুবা অসম্ভব। অতএব যদি স্বাধীনতা বিচৰা তেনে সকলোকে স্বাধীনতা দিয়া, সকলোকে যি দিবা তাকে নিজে পাবা। মান ৰাখিলে মান, দয়া কৰিলে দয়া পাব। অভয় দিলে নিৰ্ভয়, ব্যথা দিলে ব্যথা, সুখ দিলে সুখ পাবা। আনৰ সৎ গুণ প্ৰকাশ কৰিলে নিজৰ সৎগুণ প্ৰকাশ হয়। নতুবা যি সুখ চেষ্টা কেৱল নিজৰ নিমিত্তে