পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
সাৰনিত্যক্রিয়া


মত মঙ্গলকাৰী চন্দ্ৰমা সূৰ্য্য়নাৰায়ণ জ্যোতিঃ ত্ৰিগুণাত্মাৰূপে প্ৰকাশ হৈও ত্ৰিগুণাতীত ভাবে সদায় বিৰাজমান থাকে। অজ্ঞানী লোকসকলে এওঁৰ পূৰ্ণত্ব ভাব অবগত নহৈ এওঁক ব্যষ্টি যৎকিঞ্চিৎ জ্যোতিঃ বুলি ভাবে। কিন্তু যি জ্ঞানী ভক্তসকলক এও নিম্ন গুণে অনুগ্ৰহ কৰি আপোন স্বৰূপ দেখাইছে, তেওঁ অনাদি অনন্ত সৰ্ব্বশক্তিমান সৰ্ব্বব্যাপী পূৰ্ণপৰৱহ্ম জ্যোতিঃস্বৰূপ জগতৰ মাতা-পিতা গুৰু পৰমাত্মা আৰু একমাত্ৰ সৰ্ব্বমঙ্গলকাৰী বুলি চিনিব পাৰে।

সৎ শিক্ষা

 মানুহ, মাত্ৰৰে সৎ শিক্ষা অৱশ্যক, যি প্ৰকাৰৰ শিক্ষাত মানুহৰ ব্যবহাৰিক আৰু পৰমাৰ্থিক কাৰ্য্য উত্তমৰূপে নিষ্পন্ন হয় সেয়ে সৎ শিক্ষা। মন নানা প্ৰকাৰ সংস্কাৰত আবদ্ধ হলে সৎ শিক্ষাৰ প্ৰতিবন্ধক হয়। এই নিমিত্তে শিশুকালৰ পৰা শিক্ষাৰ আৰম্ভ নহলে সম্পূৰ্ণ ফল লাভ হোৱা দুৰ্ঘট। শিশু কালৰে পৰা নানা প্ৰকাৰ সংস্কাৰ বদ্ধমূল হব ধৰে। পাঁচ বছৰ বয়সত শিক্ষাৰম্ভৰ প্ৰশস্ত কাল,সুস্পষ্ট কথা কব পাৰিলে আৰু কম বয়সতে পুত্ৰ-কন্যাক শিক্ষা দিব। তেনেহলে শৰীৰ বৃদ্ধিৰ সৈতে জ্ঞান আৰু বল বৃদ্ধি হয়।

 শিক্ষা দিয়াৰ সময়ত কেইটামান বিষয়ত বিশেষ মনোযোগ দিয়া উচিত। সদায় লক্ষ্য ৰাখিব যে শিশুসকলে মাতা-পিতা গুৰুজনৰ প্ৰতি ভক্তি শ্ৰদ্ধা কৰে আৰু প্ৰীতিৰে তেওঁলোকৰ আজ্ঞা পালন কৰিবৰ যত্নশীল হয়। সত্য প্ৰিয় বাক্য কবৰ আৰু স্নিগ্ধ, সৰল ব্যৱহাৰ কৰিবৰ যেন শিশুসকলৰ অনুৰাগ হয়, আৰু অনৰ্থক কথা নকয়।