পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৯
পৰমাত্মাৰ জ্যোতিঃৰূপে বহু বিস্তাৰ


সৰ্ব্ব-শক্তিমান পূণৰূপে বিৰাজ হৈ আছে। আৰু নানা ছিদ্রবিশিষ্ট মায়াৰূপী অবিদ্যা উপাধি ভেদে অজ্ঞানী লােকৰ চক্ষুত তৰাসকল, বিজুলী, চন্দ্রমা, সূৰ্যনাৰায়ণ, জ্যোতিঃস্বৰূপ বহির্মুখত বেলেগ বেলেগ কোটী কোটী যেন বােধ হৈছে । কিন্তু চন্দ্রমা সূৰ্য্যনাৰায়ণ ব্রহ্ম জ্যোতিঃ বেলেগ বেলেগ বা কোটী কোটী নহয়। স্বৰূপ অৱস্থাপন্ন লোকসকলে ভিতৰে আৰু বাহিৰে নিৰাকাৰ সাকাৰ অখণ্ডাকাৰে অসীম অনন্তৰূপী চন্দ্রমা সূৰ্য্যনাৰায়ণ পৰব্ৰহ্মক আপােনাৰে সৈতে অভেদ ৰূপে সদায় দেখিছে । আৰু তেওঁলােকে জানিছে যে অবিদ্যাৰ পৰা অজ্ঞানী লােকসকলৰ চক্ষুত জ্যোতিঃ বহির্মুখত বেলেগ বেলেগ বোধ হৈছে । আৰু জ্যোতিঃৰ অদ্বৈত ভাবৰ বিষয় এইদৰে বুজিবা যেনে, চাৰিউফালে মেঘ থকা আকাশত এফালে যৎকিঞ্চিৎ বিজুলী খেলালে, কিম্বা দশ দিকে বেলেগ বেলেগ খেলালে, অজ্ঞানী লােক- সকলে সেই সেই দিকে ব্রহ্ম-শক্তি বিজুলীক খণ্ডাকাৰ যৎকিঞ্চিৎ এক বা দহ বুলি ভাবে, কিন্তু বিজুলী ব্ৰহ্মশক্তি জ্যোতিঃ যে নিৰা- কাৰভাবে চাৰিউফালে পূৰ্ণৰূপে আছে সিহঁতৰ বােধ নহয়। জ্ঞানী লােকে জানে যে মেঘ আৰু ভিতৰৰ একে বিজুলী জ্যোতি চাৰিউফালে পূৰ্ণৰূপে আছে, প্রয়ােজন মতে যি ফালে যি পৰি- মাণে প্রকাশ হৈছে, সেই পৰিমাণে সাধাৰণৰ বােধ হৈছে । কিন্তু ব্ৰহ্মশক্তি বিজুলী জ্যোতিঃ সীমাবদ্ধ বা বেলেগ বেলেগ নহয়। পূর্ণপৰব্ৰহ্ম জ্যোতিঃস্বৰূপৰ ইচ্ছা প্রকাশ হৈছে । যদি তেওঁৰ ইচ্ছা হয় যে সমস্ত আকাশময় জ্যোতিঃৰূপে প্রকাশ হব, তেনে তেওঁ জ্যোতিঃৰূপে সমস্ত আকাশময় প্রকাশ হব পাৰে । এইদৰে পূৰ্ণপৰ- ব্ৰহ্ম জ্যোতিঃস্বৰূপ অনাদি অনন্তৰূপে অখণ্ডাকাৰে নিৰাকাৰ ভাবে বিৰাজ হৈ আছে। কেবল মাত্র জগতৰ প্রয়ােজন হেতু আৱশ্যক