৯৮ সাৰনিত্যক্রিয়া
শৰণ লােৱা, যাতে এও দয়া কৰি জগতৰ সকলো অমঙ্গল দূৰ কৰি মঙ্গল স্থাপনা কৰে আৰু সদায় তােমালােক সকলােপ্ৰকাৰে আনন্দৰূপ থাকিব পাৰা। ইয়াক নিশ্চয় জানিবা যে এই চন্দ্রমা নাৰায়ণ জ্যোতিঃস্বৰূপ জগৎ মাতা-পিতাৰ বাহিৰে এই জগ- তৰ 'অমঙ্গল দূৰ আৰু দুঃখ গুচুৱা দ্বিতীয় আৰু কোনো নাই আৰু হবৰ সম্ভাবনাও নাই। যাক সামান্য ক্ষুদ্র জ্যোতিঃ বুলি ভাবিছা তেওঁ নিৰাকাৰ অদৃশ্যভাবে আৰু বিৰাট সাকাৰ দৃশ্যভাৱে অখণ্ডা- কাৰে পূৰ্ণৰূপে বিৰাজ হৈ আছে। এওঁ আপােন ইচ্ছাৰে জগতৰ মঙ্গল বিধান আৰু কাৰ্য্য নিৰ্বাহৰ নিমিত্তে নিৰাকাৰৰ পৰা যৎকিঞ্চিৎ সাকাৰ জ্যোতিঃৰূপে দৃষ্টিগােচৰ আৰু বােধগম্য হয়। এওঁ বে সকলােতে পূৰ্ণৰূপে বিজ হৈ আছে অজ্ঞানী লােকৰ বােধ নহয়, জ্ঞানী ভক্তসকলে পৰমাত্মাৰ কৃপাত এই বিচিত্র লীলাৰ বিষয় অব- গত আছে । সাধাৰণতঃ যি জ্যোতিঃক বহু খণ্ড খণ্ড আৰু অল্পাধিক্য বুলি অনুভৱ কৰে সেয়ে বহু বা অম্লাধিক্য নহয়। ভিতৰত একে জ্যোতিঃ নিৰাকাৰৰ পৰা বহির্মুখে বেলেগ বেলেগ বহু বুলি বােধ হৈছে। যেনে এক প্রকাণ্ড অগ্নি জ্যোতিঃৰ ওপৰত সৰু বৰ কোটা কোটী ছিদ্রবিশিষ্ট কোনো পাত্ৰ আচ্ছাদিত কৰিলে সেই ছিদ্রেদি কোটী কোটী জ্যোতিঃ বহির্মুখে দেখা হয়, অজ্ঞানী লােকে সেই জ্যোতিঃক বেলেগ বেলেগ কোটী কোটী জ্যোতিঃ বােধ কৰে, কিন্তু জ্ঞানী লোকে জানে যে অগ্নি জ্যোতিঃ ভিতৰত অখণ্ডাকাৰে একে আছে, কেৱল পাত্ৰৰ নানা ছিদ্র উপাধি ভেদে বহির্মুখত বেলেগ বেলেগ বহু জ্যোতিঃ বুলি বােধ হৈছে। কিন্তু জ্যোতিঃ বহু বা বেলেগ বেলেগ নহয়। সেইদৰে অগ্নিৰূপী চন্দ্রমা সূৰ্য্যনাৰা- রুণ জ্যোতিঃস্বৰূপ পৰব্ৰহ্ম নিৰাকাৰ সাকাৰ অখণ্ডকাৰ অসীম