পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৫
পৰমাত্মাৰ জ্যোতিঃৰূপে বহু বিস্তাৰ


জন্ম, মৃত্যু প্রভৃতি অজ্ঞান অৱস্থাতে বােধ আৰু ভােগ হব। আৰু ইয়াক তেতিয়া সিহঁতে সত্য সত্য বুলি স্বীকাৰ কৰিব। যেতিয়া সেই লােক জাগৰিতৰূপ, জ্ঞানস্বৰূপ হব তেতিয়া সেই লোকে আৰু কৰ্ম্মফল, জন্ম, মৃত্যু ভােগ কৰিব নালাগিব। তেতিয়া সেই লােকে বোধ কৰিব যে যদি কৰ্ম্মফল সত্য হয় তেনে জ্ঞান হলে কৰ্ম্মফল ভগ্ন হৈ মুক্তস্বৰূপ হয় কিয় ? আৰু যেতিয়া পৰমাত্মা পূর্ণ অনাদি ৰূপে বিৰাজ হৈ আছে, তেওঁৰ বাহিৰে দ্বিতীয় কোনাে নাই, তেতিয়া তেওঁৰ মাজত কৰ্ম্মফল প্রভৃতি তেওঁৰ বাহিৰে কি বস্তু হব আৰু কোন ঠাইত থাকিব ? এইদৰে ভাব বুজিবা। বিচাৰ কৰি দেখিবা যে তুমি বা পৰমাত্মা আকাশৰ মাজত পৰিপূৰ্ণৰূপে বিৰাজমান আছে, যাৰ আদি আৰু অন্ত নাই,তেনে তুমি জন্ম, মৃত্যু, কৰ্ম্মফল, লৈ অনর্থক ভাবি পৰস্পৰ কষ্ট পােৱা কিয়—য’ত পৰমাত্মা তােমাক লৈ অনাদি পৰিপূৰ্ণ সত্য স্বৰূপ আছে।

পৰমাত্মাৰ জ্যোতিঃৰূপে

বহু বিস্তাৰ

 কোনােৱে কয় যে সূৰ্য্যনাৰায়ণৰ নিচিনা অনন্ত ব্ৰহ্মাণ্ডত অনন্ত সূৰ্য্যনাৰায়ণ আছে, এই সূৰ্য্যনাৰায়ণক ইষ্ট দেৱতা জগন্মাতা, পিতা, গুৰু বুলি কিয় মানিম ; ইয়াতকৈ যি শ্রেষ্ঠ আৰু বৰ আছে তেওঁক মানিম । এইদৰে, ভবা কতদূৰ অন্যায় আৰু মুখতা আৰু অমঙ্গলকৰ তাক কব নােৱাৰি। কাৰণ প্ৰজাসকলে যি ৰজাৰ ৰাজ্যত বাস