৯৪ সাৰনিত্যক্রিয়া
কেবল কষ্ট কৰা হে সাৰ হয়। এইরূপে সকলে। কৰ্ম্মৰ ভাব বুজি লাগতিয়াল কৰ্ম্ম কৰিব যাতে সকলাে বিষয়ে সপৰিবৰে পৰমানন্দে আনন্দৰূপ থাকিব পাৰে, আৰু অনকে। কোনো কষ্ট দিয়া নহয় । | যাৰ জ্ঞান হয় তাৰ কৰ্ম্মফল, জন্ম, মৃত্যু প্রভৃতি ভ্র িলয় হৈ জ্ঞানমুক্ত স্বৰূপে থাকে। তাৰ কাৰণ এই যে তেওঁ জ্ঞান চক্ষুৰে এইদৰে দেখে, যেনে দহােটা মানুহ শয়ন কৰি নিদ্রিত অৱস্থ ত দহ প্রকাৰ স্বপ্ন দেখিছে কোনাে ৰজা, কোনো দৰিদ্র, কোনো পণ্ডিত, কোনো মূখ, কোনো সন্ন্যাসী, কোনো গৃহস্থ, কোনোৱে হাঁহিছে, কোনােৱে কান্দিছে ইত্যাদি। সেই দহেটা মানুহে স্বপ্নাৱস্থাত নানা প্রকাৰ কৰ্ম্ম কৰিছে, কিন্তু পৰস্পৰ কোনেও কাৰৰ স্বপ্নৰ ভাব বুজিব নােৱাৰিছে যে কোনে কি প্ৰকাৰ কি বস্তু স্বপ্ন দেখিছে, আৰু স্বপ্নাবস্থাত সিহঁতৰ মনত এই বােধ হােৱা নাই যে সিহঁতে স্বপ্ন দেখিছে। তেতিয়া সিহঁতে যি দেখিছে আৰু কৰিছে তা সত্য সত্য বুলি সিহঁতৰ বােধ হৈছে, সেই সময়ত সিহঁতৰ কৰ্ম্মফল, জন্ম, মৃত্যু প্রভৃতি সকলো সঁচা বুলি সিহতে স্বীকাৰ কৰিব লাগিব। কিন্তু যি অন্তর্যামী মায়াৰূপে নানা প্রকাৰে ৰচনা কৰি সকলােৰে ভিতৰত নানা প্রকাৰ স্বপ্ন দেখাইছে, তেওঁ সকলােৰে ভাব বুজিছে। পাছে যেতিয়া সেই দহােটা মানুহ জাগৰিত হব তেতিয়া সিহঁতে স্বপ্নৰ সকলো ঘটনা মিছা বুলি বােধ কৰিব আৰু দেখিব যে স্বপ্ন মিছা, সেইদৰে তাৰ কৰ্ম্মফল প্রভৃতি সকলে মিছ। যদি স্বপ্নৰ কৰ্ম্ম সত্য হয় তেনেহলে স্বপ্নৰ কৰ্ম্মফলে সত্য হব। স্বপ্নৰ কৰ্ম্ম মিছ হেতুকে স্বপ্নৰ ফল জাগৰিত অৱস্থাত ভােগ কৰিব নালাগে। সেইদৰে যি সকলাে অজ্ঞানৰূপ স্বপ্নত যি কৰ্ম কৰিছে সেই লােকৰ কৰ্ম্মফল,