পৃষ্ঠা:সাৰনিত্যক্ৰিয়া.djvu/১০৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পুনর্জন্ম আৰু কৰ্ম্মফল

কর্মকাণ্ড দুই প্রকাৰ বর্ণিত আছে এক প্ৰকাৰ যিসকলে গৃহস্থ ধৰ্ম্মত থাকিও সত্য বস্তু জানিবৰ ইচ্ছা কৰে অথচ ঈশ্বৰৰ আজ্ঞানুসাৰে গৃহস্থ ধৰ্ম্মৰ সকলাে প্ৰকাৰ শ্ৰেষ্ঠ কৰ্ম আৰু যজ্ঞাহুতি কৰি সকলো কৰ্ম্ম ফলাফল ভগবানৰ নামে অর্পণ কৰে। তেওঁলােক সেই নিষ্কাম কৰ্ম্ম প্রভৃতি কৰাৰ নিমিত্তে মন পবিত্ৰ হৈ জ্ঞান স্বৰূপ পৰমাত্মাত অভেদ হৈ আনন্দৰূপে থাকে, তেওঁলােকৰ পুনর্জন্ম নাই। আন প্ৰকাৰ যিসকলে নানা প্রকাৰ কৰ্ম্ম কৰি তাৰ ফল কৈলাস বৈকুণ্ঠ স্বর্গ ইত্যাদি ভােগ কৰিবৰ ইচ্ছা কৰে, তেওঁলােকৰ পুনর্জন্ম ফলাফলৰ সংশয় থাকে। সকলো প্ৰকাৰ কৰ্ম্ম কৰি ভগবানত অর্থাৎ পূর্ণপৰব্ৰহ্মত অৰ্পণ কৰিলে তেওঁলােক কৰ্ম্মৰ পৰা বদ্ধ নহয় । মানুহ মাত্ৰৰে ইয়াকে কৰা উচিত। কিন্তু প্রথম অৱস্থাত কোনেও নিষ্কাম কৰ্ম্ম কৰিব নােৱাৰে, প্রথমে সকাম কৰ্ম্ম কৰােতে কৰোতে শেহত মন পবিত্ৰ হৈ জ্ঞান হলে সহজেই নিষ্কাম কৰ্তব্য কৰ্ম্ম ভাব হয়। উত্তম কৰ্ম্ম নিষ্কামভাবে কৰক অথবা সকামভাবে কৰক, দুয়ে উত্তম ফলদায়ক। ইয়াক সকলােৰে কৰা উচিত। যি কৰ্ম্ম কৰিলে ব্যবহাৰিক আৰু পাৰমার্থিক দুয়াে কৰ্ম্ম উত্তমরূপে সহজে নিষ্পন্ন হয় আৰু তাৰ ফল পােৱা যায়, সেই কাম বিচাৰ কৰি কৰা উচিত, আৰু যি কাম কৰিলে এই দুয়াে কাৰ্য্যৰ কোনাে প্ৰকাৰ ফল নহয় তাক কৰা উচিত নহয়। কেবল অনর্থক দিন ৰাতি সময় নষ্ট আৰু আত্মাক কষ্ট দি কর্ম কৰা নিস্ফল, তাৰ কৰ্ম্ম কৰাই হে সাৰ হয়। যেনে ভােক লাগিলে অন্নাহাৰ কৰিলে সহজে ভােক গুচে, তাক নকৰি যদি শিল চোবাবৰ চেষ্টা কৰে তাত ভােক মুগুচে কেবল কষ্ট সাৰ হয়। যদি জুইৰে এন্ধাৰ দূৰ নকৰি জল আৰু বৰফেৰে এন্ধাৰ গুচাবৰ চেষ্টা কৰে সি কেতিয়াও নয়,