পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাহিত্য

কান্দোন আছে। বৰ্ষাত নেৰা-নেপেৰা কেন-কেনীয়া বৰষুণ হয়, কেচুৱায়ো শাওণ-বৰষুণৰ নিচিনা সৰু-সূতা কটা যেন কুন কুন ঘুন ধুন কৰি কান্দি থাকে। পৃথিবীত বৰ্ষাৰ অধিকাৰ দুমাহ মাথোন, কিন্তু শৰীৰত অনেক দিন।

 বৰ্ষা উকলি গলে শৰীৰত গ্ৰীষ্ম পৰে— অৰ্থাৎ লৰাই ফুকলীয়া অৱস্থা এৰাই চেমনীয়া হলে তাৰ তেতিয়া গ্ৰীষ্ম কাল হয়। গ্ৰীষ্ম কালৰ জহত মানুহে যেনে ছটফটাই থাকে, চেমনীয়া লৰাও সেইদৰে ছটফটাই থাকে; এক্ষন্তক শাঁত গৈ থাকিব নোৱাৰে; পোক-লগা গৰুৰ নিচিনা ধৰফৰাই ফুৰে। চিঞৰি, চেকুৰি, জপিয়াই নিজে নিজে সি হাৰাশাস্তি হয়। গ্ৰীষ্ম ঋতুত ৰ’দ চোকা হয়, আৰু ছাতা বা জাপি লগত নোলোৱাকৈ ক’লৈকো যাব নোৱাৰি। চেমনীয়া লৰাকো লগৰীয়া-ৰূপী জাপি লগত নিদিয়াকৈ ক’লৈকো এৰি দিব নোৱাৰি।

 যৌৱন জীৱনৰ বসন্ত কাল; এই কালত পৃথিবী ফুলে-পাতে জাতিষ্কাৰ হয়, বসন্তত কাঁইটীয়া বাঁহনিও শুৱনি হয় আৰু তিনিশ-বাৰ-কুৰি খোৰোং থকা, ওঠৰ কুৰি টেমুনা ওলোৱা ধোন্দোল গছো ধুনীয়া হয়। সেইদৰে গাভৰু কালত কুঁজা-কুঁজী, ফেঁচা-ফেঁচী, অন্ধলা আন্ধলী, ধেন্দেলা-ধেন্দেলী, শেঙনটেপা শেঙনটেপী, পেটুৱা, পেটুলী, খৰে-খোৱা, ফাপৰে-ধৰা ইত্যাদি নৰনাৰী সকলোৱে ন ৰূপ ধৰি চিলচিলীয়া হয়; তেজৰ বেগ তীব্ৰ হয় আৰু নতুন বৰণ ধৰে। বসন্ত ঋতুত পৃথিবীৰ জীৱ-জন্তু সকলো আনন্দত উতলি উঠে। যৌৱনতো সেইদৰে মানুহ আনন্দ-বিভোল হয়।