সমললৈ যাওক

পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ছয় ঋতু।

 বছৰত ছটা ঋতু। বহাগৰপৰা চ’তলৈকে বছৰৰ বাৰ মাহক সমানে ছয় ভাগ কৰি এক এক ভাগক একোটা ঋতু বোলে। বহাগ জেঠ গ্ৰীষ্ম; আহাৰ-শাওণ বৰ্ষা; ভাদ-আহিন শৰৎ ইত্যাদি ক্ৰমে দুই দুই মাহে এক এক ঋতু। ক্ৰম অনুসাৰে গ্ৰীষ্ম ঋতু সকলোৰে প্ৰথম, তাৰ পাচত বৰ্ষা, তাৰ পাচত শৰৎ, তাৰ পাচত হেমন্ত, তাৰ পাচত শীত, আৰু সকলোৰে শেষত বসন্ত ঋতু পৰে। ঋতুবোৰৰ নাম যেনে ভিন্ ভিন্, লক্ষণো তেনে ভিন্ ভিন্। গ্ৰীষ্ম ঋতুত জহ আৰু বৰ্ষাত বৰষুণ হয়। শৰৎ ঋতুত নদীৰ পানী, গছৰ পাত শুকাই যায়। হেমন্তত হিম পৰে আৰু গছ-লতা, হাবি-বন সকলো বাঢ়িবলৈ এৰি মুজুৰা পৰি থাকে। শীতত সকলো চেঁচা পৰি ঠেৰেঙা হয়। বসন্তত সকলো বস্তুৱেই ঠন ধৰে, গছে ফুল মেলে আৰু পাত ধৰে; এই ঋতুত প্ৰকৃতি ফল-ফুলেৰে একেবাৰেই জাতিষ্কাৰ হৈ পৰে।

 কালৰ যেনে ঋতু আছে, শৰীৰৰো তেনে ঋতু আছে। কিন্তু শাৰীৰিক ঋতুৰ ক্ৰম বেলেগ। শৰীৰত সৰ্ব্ব প্ৰথম বৰ্ষা ঋতুৰ আগমন হয়। বৰ্ষাত যেনে বৰষুণৰ পানীয়ে সকলো ঠাই বোকা কৰি ঘিণ লগা আৰু লেতেৰা কৰে, সেইদৰে কেচুৱা কালত মানুহেও দিনটোৰ ভিতৰত এক-কম-একুৰি বাৰ ক্ষুদ্ৰ শৌচ আৰু বৰ শৌচ কৰি লেতেৰা হৈ থাকে। বৰ্ষাত মেঘৰ ঢেৰেকনি আছে, সেইদৰে কেচুৱাৰ চেৰেপা কাণত তাল-লগা