বসন্ত উকলি গলে জীৱনত হেমন্ত কাল পৰে। হেমন্ত ঋতুত পৃথিবীৰ তৰু, লতা, বন, পৰ্ব্বত সকলো হিমৰ তাপত নিশ্চল হয় আৰু বাঢ়ন এৰে। জীৱনৰ হেমন্তও ঠিক তেনেকুৱা। এই কালত মানুহৰ তেজ-শক্তিৰ বঢ়া টুটা নাই, সকলো ঠিৰ মাৰে। শৰীৰৰ হেমন্ত বৰ দীঘল। হেমন্ত কালেই মানুহৰ কাৰ্য্যৰ কাল, হেমন্ত কালেই জীৱনৰ প্ৰধান কাল, বসন্তৰ উদ্ধতালিৰ পাৰত হেমন্তৰ গহিনালি উপস্থিত হয়। এই কালত মানুহ উতনুৱা গুচি গম্ভীৰ হয়, খৰ গুচি ধীৰ হয় আৰু উগ্ৰ গুচি মৃদু হয়। পৃথিবীত যেনেকৈ হেমন্ত কালত ছেগা-চৰোকা ৰ’দ আৰু বৰষুণ হৈ বতৰ ঘনেপতি পৰিবৰ্ত্তন নহয়, শৰীৰৰো সেইদৰে হেমন্ত কালত কোনো ৰূপ পৰিবৰ্ত্তন নহয়। আজি টপটপীয়া, কালি লেৰেলা এনেকুৱা পৰিবৰ্ত্তন জীৱনৰ গ্ৰীষ্ম-বৰ্ষাত হে দেখা যায়।
হেমন্তৰ অন্তত জীৱনৰ শৰৎ ঋতু পৰে। পৃথিবীৰ শৰৎ শুকনিৰ কাল। শৰীৰৰ শৰতো শুকনিৰ কাল। তেতিয়া শৰীৰৰ সকলোৱে শুকনি ধৰে। লোদোৰা হাত ভৰি শুকাই গৈ ঠাৰি যেন হয়, গাৰ মঙ্গহ শুকাই গৈ সোতৰা পৰে, চিকচিকীয়া দাঁত সৰি সোলা হয়, চুলি পকি বগা হয় আৰু নিপোটল গাল শুকাই গৈ মুখৰ কাষত দুটি পুখুৰী ওলায়। চকু কোটৰত সোমায় আৰু ললিত মাতৰ সুৰ ভাগি কঠুৱা হয়। পৃথিবীৰ শৰৎ ঋতুত নৈ-বিল পুখুৰী আদি শুকাই টটঙ্গা হয়; সেইদৰে শৰীৰৰো ৰস-তেজ শুকাই যায়।
শৰতৰ অন্তত শৰীৰৰ শীত আৰম্ভ হয়। শৰীৰৰ এই ঋতুক