পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ভাৱৰীয়াৰ ভেশত প্রেমিক

প্ৰেমিকৰ ৰং-ৰহস্যৰ গম পায়। বজ্ৰনাভৰ ভায়েক সুনাভৰ দুজনী ছোৱালী, নাম চন্দ্ৰবতী আৰু গুণবতী। তেওঁলোকে নিতৌ প্ৰভাৱতীৰ ঘৰলৈ অহা-যোৱা কৰে। প্ৰভাৱতীৰ গতি-বিধি লক্ষ্য কৰি এদিন সুধিলে, “কিনো ঘটনা?” প্ৰভাৱতীয়ে ছলকৈ উত্তৰ দিলে, “মোৰ হাতত গুপ্ত বিদ্যা এটি আছে। তাৰ সহায়েৰে দেৱ-দানব যাকে বাঞ্ছা কৰা তাকে ধৰি আনি প্ৰেম-সম্ভাষণ কৰিব পাৰা। চোৱা, মোৰ প্ৰিয়তম প্ৰদ্যুম্নক কেনেকৈ মন্ত্ৰেৰে মোহিত কৰি বান্ধি ৰাখিছো। লাগিলে তোমালোকলৈয়ো প্ৰেমিক-প্ৰিয়তম অনাই দিব পাৰো।” তেওঁলোক সৈমান হ’লত যদুবীৰ গদ আৰু সাম্বৰ লগত তেওঁলোকৰো গান্ধৰ্ব বিয়া ঘটালে।

 এতিয়া ধৰা পৰিবৰ পাল আহিল। কিন্তু সোনকালে সেইটো ঘটি নুঠিল। ভাৱৰীয়াসকলে এনেদৰে সকলোকে মুগ্ধ কৰিছিল যে তেওঁলোকৰ গতি-গোত্ৰ অসুৰৰ অবোধ্য। যেতিয়া আটাইবোৰ প্ৰেমিকৰ সন্তান উপজি ধূলিত খেলিব পৰা হ’ল তেতিয়াহে দৈত্যসকলৰ চকুত পৰিল, কথা বিষম। বজ্ৰনাভলৈ বাতৰি দিয়া হ’ল, যুদ্ধ লাগিল আৰু ব্ৰহ্মাৰ বৰৰ ছিদ্ৰ অনুসাৰে দেৱ-পুত্ৰ প্ৰদ্যুম্নৰ হাতত বজ্ৰনাভৰ মৃত্যু ঘটিল।

 এই আখ্যানৰ মূল হৰিবংশ। তাত সকলো ঘটনাৰ বহল বিৱৰণ আছে। ইয়াত কেৱল উপাখ্যানৰ জঁকাটোৰ প্ৰধান ৰেখাবোৰৰ চিত্ৰ এটিহে দিয়া হ’ল। ইয়াত প্ৰণয়ৰ দৌত্য কৰিছে হাঁহ এজাকে, কিন্তু প্ৰধান আকৰ্ষণ হৈছে প্ৰণয়ীৰ ভাৱৰীয়াৰ ছদ্মবেশ।