পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাহিত্য আৰু প্ৰেম

শ্ৰীকৃষ্ণই ক্ষণ বুজি দৈৱিক মায়াৰে যদুবংশী ডেকাসকলক ভাৱৰীয়াৰ সাজেৰে সজালে। প্ৰদ্যুম্নক প্ৰধান ভাৱৰীয়া ভদ্ৰ-নটৰ আৰু গদক শ্ৰুতিধৰৰ সাজ দিলে। লগত বাৰবণিতা কেতবোৰক নাচনী কৰি পঠিয়ালে।

 ভাৱৰীয়াৰ বেশেৰে যদুবংশীসকল বজ্ৰপুৰত উপস্থিত হ’লগৈ। দৈত্যসকলে এওঁলোককেই প্ৰকৃত ভদ্ৰ-নটৰ দল বুলি ধৰি লৈ মান-সৎকাৰ কৰিলে। ভাৱৰীয়াসকলে প্ৰথমে ৰামায়ণৰ আখ্যানৰ ভাও দেখুৱালে (ৰামায়ণংমহাকাব্যমুদ্দেশ্য নাটকীকৃতম্)। অসুৰসকলে নটনৈপুণ্যত বিস্ময়াপ্লুত হৈ গাৰ কাপোৰ, অলঙ্কাৰ আদি খহাই ভাৱৰীয়াসকলক লক্ষ্য কৰি দলিয়াই দিবলৈ ধৰিলে। চাৰিওফালে জয়-জয়কাৰ ৰোল উঠিল।

 বজ্ৰনাভে ভাৱৰীয়াসকলক অন্তেষপুৰৰ ভিতৰলৈ অনাই ভাত দিয়াবলৈ ক’লে। যাদৱসকলে অন্তেষপুৰলৈ আহি প্ৰথমে গীতৰ সহায়েৰে গঙ্গাবতৰণ নাচ নাচিলে। পিছত ‘ৰম্ভাৰ অভিসাৰ’ নামে নাটৰ ভাও দেখুৱালে। ৰাৱণৰ ভাওত প্ৰদ্যুম্ন আৰু ৰম্ভাৰ ভাওত মনোবতী নামে নটীজনী। যাদৱসকলে মায়াৰ বলেৰে কৈলাসৰ দৃশ্যপটৰো ৰূপ দেখুৱালে। ডেকা, বুঢ়া সকলো আনন্দত আপোনপাহৰা হ’ল।

 এই মতলীয়া অৱস্থাৰ চেলু লৈ শুচিমুখীয়ে প্ৰভাৱতীক জনালে, “সখী, মই দ্বাৰকালৈ গৈ প্ৰদ্যুম্নক তোমাৰ ভক্তি নিবেদন কৰিছো। তেওঁ আজি সন্ধ্যা সময়ত তোমাক প্ৰেম-সম্ভাষণ জনাবলৈ আহিব বুলি বান্ধ ৰাখিছে। আজি তোমাৰ প্ৰিয়-সমাগমৰ বাঞ্ছা পূৰণ হ’ব।” এই অভাৱনীয় বাতৰিত প্ৰভাৱতী আনন্দত কঁপিবলৈ ধৰিলে আৰু সখীয়েকক সেই ৰাতি একে ঘৰতেই শুবলৈ খাটিলে, যাতে কোনো ভয়ৰ কাৰণ থাকিব নোৱাৰে।

 শুচিমুখীয়ে নটবেশী প্ৰদ্যুম্নৰ ওচৰত প্ৰণয় বাতৰি জনালে। প্ৰদ্যুম্নই মায়াৰ বলেৰে মৌ-মাখি এটি হৈ ফুলৰ মালা এধাৰিত খামোচ মাৰি ধৰিলে আৰু শুচিমুখীৰ হাতৰ মালাত ওলমি প্ৰভাৱতীৰ ঘৰ সোমাল।

 মৌ-মাখিটো প্ৰভাৱতীৰ কাণেৰে মৰ্মস্থলত সোমালগৈ। প্ৰভাৱতীৰ কাম-জ্বৰ উঠিল।

 প্ৰভাৱতী যেতিয়া জ্বৰত কাতৰ হ’ল, প্ৰদ্যুম্নই নিজৰ ৰূপ ধাৰণ কৰি আপোন পৰিচয় দিলে আৰু গন্ধৰ্ব ৰীতিৰে প্ৰভাৱতীক বিয়া কৰাই প্ৰেম-সম্ভাষণ জনালে। চৰিয়া হাঁহজাক দুৱাৰ-ৰখীয়া হৈ থাকিল।

 দিনৰ পিছত দিন উকলিবলৈ ধৰিলে। সাপে সাপৰ ঠেং দেখে, প্ৰেমিকাই