পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভাৱৰীয়াৰ ভেশত প্ৰেমিক

[পৌৰাণিক আখ্যান]

 দেৱতা আৰু অসুৰৰ বিৰোধ। সচৰাচৰ যি হয়, ব্ৰহ্মাই সকলো অঘটন-ঘটনৰ গুৰিত। কোনোবা অসুৰে তপস্যাত বহিলেই সন্তুষ্ট হৈ ব্ৰহ্মাই বৰ দিয়ে। বজ্ৰনাভ নামে এজন দৈত্যই তপস্যাৰে ব্ৰহ্মাক প্ৰসন্ন কৰি বৰ লভিলে— তেওঁ দেৱতাসকলৰ অবধ্য হ’ব। বৰ লভিয়েই বজ্ৰপুৰ নামে নগৰ এখন নিৰ্মাণ কৰিলে। আনৰ কথা দূৰত, তাত বায়ু দেৱতাৰো নিজ ইচ্ছামতে প্ৰৱেশ নিষিদ্ধ। বজ্ৰনাভ অসুৰে মাজে-সময়ে বজ্ৰপুৰৰ পৰা দেৱতাসকলক জোকাবলৈ ধৰিলে।

 অসুৰৰ শ্ৰীবৃদ্ধি হ’লে ইন্দ্ৰৰ ইন্দ্ৰত্ব যায় বুলি ভয় হয়। সৰগৰ ৰজা ইন্দ্ৰই ৰাজ্য হেৰুৱাবৰ ভয়ত শ্ৰীকৃষ্ণত শৰণ মাগিলে। শ্ৰীকৃষ্ণই অভয় দি ক’লে, বজ্ৰনাভ দেৱতাৰ অবধ্য, কিন্তু দেৱপুত্ৰ প্ৰদ্যুম্নৰ হাতত তাৰ মৰণ হ’ব।

 সেই সময়ত ভদ্ৰ নামে এজন নাট (ভাৱৰীয়া) আছিল। তেওঁ ঋষিসকলৰ যজ্ঞত গীত-নাচোনেৰে সকলোকে মুগ্ধ কৰিব পাৰিছিল। বসুদেৱৰ অশ্বমেধ যজ্ঞত তেওঁ ঋষিসকলক এনেভাৱে মোহিত কৰিলে যে ঋষিসকলে তেওঁক বৰ দিলে— যেন সপ্তদীপা পৃথিৱীত তেওঁৰ অবাধ গতি হয়, তেওঁ চিৰযুৱা আৰু নিৰোগী থাকিব আৰু কাৰো হাতত তেওঁৰ মৃত্যু নঘটিব; তেওঁ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ যাৰ ভাও যেতিয়া দেখুৱাব, হুবহু তাৰ ৰূপ ল’ব পাৰিব। এইদৰে বৰলব্ধ হ’লত ভদ্ৰ-নটৰ কিৰীটি সকলো জগততেই বিয়পি পৰিল।

 সচৰাচৰ দেখা যায়, অসুৰৰ গোপন শত্ৰু নিজৰ ছোৱালী। সিহঁতে অসুৰৰ লোণ খায়, কিন্তু দেৱতাৰহে গুণ গায়। বাণ ৰজাই ৰাজ্য হেৰুৱায় ছোৱালী ঊষাৰ বৈগুণ্য দোষত। বজ্ৰনাভৰো ৰূপৱতী ছোৱালী এজনী আছিল; নাম প্ৰভাৱতী। তেওঁৰ পণ আছিল স্বয়ম্বৰত পতি বাছি ল’ব। দেশ-দেশান্তৰৰ পৰা কোঁৱৰসকল আহে, বাছনি পৰীক্ষাত উঠিব নোৱাৰি লাজে-অপমানে উভতি যায়। শেষত কোনো নহাত পৰিল। প্ৰভাৱতীয়ে অসুৰৰ তিৰোতাসকলৰ মুখত শ্ৰীকৃষ্ণৰ পুত্ৰ প্ৰদ্যুম্নৰ (কামদেৱ) ৰূপ-গুণৰ গৌৰৱ শুনি তেওঁৰ নামতেই হিয়া-মন সমৰ্পণ কৰিছিল। কিন্তু তেওঁৰ লগত কেনেকৈ মিলন হ’ব সেইটো ভাবি ওৰ নেপাইছিল, “হৃদি মে বৰ্ত্ততে নিত্যং প্ৰদ্যুম্নঃ