পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
ওপৰঞ্চি


গদ্যভাগ—(ক) ফটা কানি এটুকুৰাৰ হানিয়েও ··অনুভৱ কৰিলোঁ— ‘বন্দী জীৱনৰ এটি স্মৃতি’ পাঠৰ নোট চোৱা।

 (খ) দুল দুলৰ শূন্য পিঠি দেখি সকলোৰে চকুলো ওলাল। — এই বাক্যটি কাৰবালা পাঠত আছে। এজিদে যড়যন্ত্ৰ কৰি ইমান হোছেনক কুফালৈ বুলি মাতি নি কাৰবালা মৰুভূমিত সপৰিয়ালে আৱদ্ধ কৰে। পানীৰ অভাৱত হোছেনৰ পৰিয়ালত হাহাকাৰ লাগিল; ল’ৰা-ছোৱালী দুটি এটিকৈ মৰিবলৈ ধৰিলে। ইপিনে এজিদৰ সৈন্যই ফোৰাত নদীৰো পাৰ আগুৰিছে। হোছেনৰ মানুহে নৈৰ পাৰ উদ্ধাৰ কৰিবলৈ গৈ শত্ৰুৰ হাতত মৰে। শেষত তেওঁ নিজেই তেওঁৰ মৰমৰ ঘোৰা দুলদুলৰ পিঠিত উঠি গৈ এজিদৰ সৈন্যক পৰাস্ত কৰি ফোৰাতৰ পাৰ উদ্ধাৰ কৰে! শত্ৰু সৈন্যই আগুৰি ধৰাত সিহঁতৰ লগত যুদ্ধ কৰি থাকোঁতে এপাত চোক৷ অস্ত্ৰে বিন্ধি তেওঁক ঘোৰাৰ পৰা বগৰাই দিয়ে৷ তেতিয়া তেজেৰে ৰাঙলি হৈ দুলদুল আহি হোছেনৰ শিৱিৰ পায়। তাক সেই অৱস্থাত দেখিয়ে হোছেনক শত্ৰুৱে মৰা বুলি বুজি পাই তেওঁৰ পৰিয়ালটোৱে কান্দিবলৈ ধৰিলে।

 (গ) এই শ্লোকৰ ছন্দেৰে ৰামায়ণ ৰচিত হয়। - ৰামায়ণ প্ৰৱন্ধৰ কথা নোটত চোৱা – কাৰ মুখেৰে, কেতিয়া, কি ছন্দ ওলাইছিল সেইখিনি লিখি- লেই হব।

 (ঘ) এই কাৰিকৰবোৰে কৰা----- .-.-কেইবাটাও আছে ।—পাঠ্য়ৰ ‘সাগৰ তলিৰ কথা’ পাঠৰ পোৱাল পোকৰ কথা চোৱা।

 পদ্যভাগ—(ক) দেখিও চলিছে দুষ্ট... -যাবা ৰসাতলে ।- ‘জন্মভূমিৰ ওচৰত মাৰীচৰ বিদায়' পদ্যত এই খিনি আছে। মাৰীচে অনিচ্ছাৰেও বাধ্য হৈ ৰাৱণৰ লগত সীতা হৰণ কৰিবলৈ ৰথত উঠি আকাশেৰে যাওঁতে সুদূৰ সাগৰৰ মাজত থকা তাৰ জন্মভূমি লঙ্কা চকুত পৰাত লঙ্কাৰ গুণ গৰিমা বৰ্ণাইছে; লঙ্কাৰ ওচৰত বিদাৰ মাগিছে; আৰু ৰাৱনে সীতা হৰণ কৰাৰ ফলত ৰাৱণ আৰু লঙ্কাৰ যি গতি হব, তাকেই ইয়াত কৈছে।