পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২
ওপৰঞ্চি ।

ক’লা-গৰু, হাতে-ৰোৱা, ঘৰ ওপজা, অনুচিত, উপকূল।

 (খ) সন্ধি কৰা আৰু ভাঙা (য’ত যেনে কৰিব লাগে) —

কৃষ্ণাৰ্জুন, মহেন্দ্ৰ, নায়ক, উৎ+নতি, গিৰি+ইন্দ্ৰ, দেৱ+ঋষি।

 ১১। বাক্য ৰচনা – চকু-চৰহা, অথ-কথ, লেতু সেতু, নৌ সৰা, ৰৈ-ৰৈ। ১০ লোকৰ শ্ৰীবৃদ্ধি হোৱা দেখিলে চকু চৰহা মানুহৰ চকু পুৰিবলৈ ধৰে। অঠ- কণ্ঠ (অঁঠ-কঁঠ—অণ্ঠ-কণ্ঠ) —জহনীত পৰা মানুহৰ পিয়াহত অঠ-কঠ শুকাই যায়। লেতু-সেতু— লা তপতালে লেতু-সেতু হয়। নৌ-সৰা—পাত নৌ- সৰা গছ দেখিবলৈ শুৱনি। ৰৈ বৈ— অসমত ৺ আনন্দৰাম বৰুৱাৰ নাম এতিয়ালৈ ৰৈ বৈ আছে।

 ১২। তলত দিয়া যেই সেই বিষয়ৰ ৪০ শাৰী মানৰ এখন ৰচনা লিখা- ২০

(ক) লোক প্ৰিয় ৺বৰদলৈৰ জীৱনী (খ) তোমাৰ যি কোনো ভ্ৰমণ কাহিনী (গ) ১৯৪৭ চনৰ ১৫ আগষ্ট (ঘ) সঙ্গীত (উপকাৰিতা আৰু অপকাৰিত!)।

 [ৰচনাৰ ভাগ—(ক) জীৱনী—জন্ম, বাল্যকাল আৰু শিক্ষা, সাংসাৰিক জীৱন, সাধাৰণ কাম, মহৎ কাম, চৰিত্ৰ, মৃত্যু,। (খ) কোন ঠাইৰ পৰা যাত্ৰা, যাত্ৰাৰ তাৰিখ সময়, পথৰ বিৱৰণ আৰু যান বাহন, যোৱা ঠাইৰ চমু বৰ্ণনা, যোৱাৰ উদ্দেশ্য আৰু ফলাফল। (গ) এই তাৰিখটোত ভাৰতবাসীয়ে কি পালে, কাৰ চেষ্টাত কি প্ৰকাৰে পালে, সেই দিনটো কিদৰে পালন কৰিছিল, বৰ্ত্তমানে আমি কিদৰে চলিলে উক্ত তাৰিখটোৰ সন্মান থাকে আৰু আমাৰ লাভ হয়। (ঘ) সঙ্গীতৰ সংজ্ঞা বা অৰ্থ দি তাৰ কেৱল উপকাৰিতা বাৰু অপকাৰিতা লিখিলেই হব। ]

১৯৫১—ওখ খাপ।

 প্ৰসঙ্গ উল্লেখ কৰি তলত দিয়া গদ্য ভাগৰ পৰা দোছোৱা আৰু ৰ পৰা দোছোৱাৰ আঁতি গুৰি মাৰি ব্যাখ্যা কৰা— ১০X৩=৩০