পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪
ওপৰঞ্চি ।


 লঙ্কাক সম্বোধন কৰি কৈছে—চোৱ৷ আই, দুষ্ট ৰাৱনে পৰৰ তিৰোতা —সিও এলাপেচা মানুহৰ নহয়। —শ্ৰীৰামচন্দ্ৰৰ ঘৈণীয়েক লক্ষ্মী ৰূপা সীতাক হৰণ কৰিবলৈ যাত্ৰা কৰিছে । ইয়াৰ ফলত ৰাক্ষস কুলৰ কঙ্ক ৰাৱণ ধ্বংস হব, আৰু তুমিও আই ধ্ব স হবা—তোমাৰ গুণ গৌৰৱ নষ্ট হৈ যাব ।

 (খ) নিষ্কৰ্ম্মা ধোদৰ দলে---------- ·দীপ্ত স্বৰ্গপুৰী।—‘মই অসমীয়৷’ পদ্যৰ নোটত সহজ ভাঙনি চোৱা ।

 (গ) ভালৰূপে জানে----পাপ কৰ্মৰ ভীতি ।—এই চোৱা পদ্য সুখী লোক পদ্যত আছে। এই পদ্যত সুখী লোকৰ চৰিত্ৰৰ সুগুণবিলাক বৰ্ণনা কৰিছে ৷ ইয়াতো কৈছে যে, সুখী লোকে সাধুত৷ আৰু ধৰ্ম্মৰ নীতি- নিয়ম ভালদৰে জানে ৷ সেই কাৰণেই তেওঁ পাপ কৰ্ম্মক ভয় কৰে তাত সদায় বিমুখ অর্থাৎ কেতিয়াও পাপ কামলৈ মন নেমেলে ।

 ২। ‘সন্মান’ নাইবা ‘গঁড়’ পাঠৰ মূল কথা খিনি তোমাৰ ভাষাত লিখা।

( অদৰ্কাৰী )

১০

 ৩। তলত নাম দিয়া কবিতা কেইটাৰ যেই সেই এটাৰ একে লানিয়ে

৮ শাৰী মুখস্থ লিখা—

১২

জন্মভূমি, ভীম চৰিত, আমাৰ বাপুজী, বিশ্ব-খনিকৰ ।

 ৪। তলত দিয়া যেই সেই এটা কবিতাৰ সাৰাংশ লিখা-

১০

ধূলি-কণা মই, আমাৰ বাপুজী, শুচি । (নোট চোৱা)

 ৫।(ক) শঙ্কৰদেৱে কিদৰে ভুৰুকাত হাতী ভৰালে — নৰনাৰায়ণৰ, ৰাজ

সভা পাঠৰ পৰা বুজাই লিখা। (নোট চোৱা)

 (খ) শিৱই কিয় আৰু কেনেকৈ খেতি কৰিবলৈ ললে—ভীম-চৰিত পাঠৰ পৰা চমুকৈ লিখা ।- ভীমে শিৱৰ ঘৰত গৰখীয়া হৈ থাকি পেট ভৰাই ভাত খাব নাপাই পাৰ্ব্বতীৰ আগত শিৱৰ নানা প্ৰকাৰ নিন্দ৷ কৰে। পাৰ্ব্বতীয়ে লাজ পাই শিৱক খেতি কৰিবলৈ অনুৰোধ কৰে। শিৱই পার্ব- তীৰ দিহা মতে ইন্দ্ৰৰ পৰা মাটি ল’লে; কুবেৰৰ পৰা কঠিয়া, বলভদ্ৰৰ পৰা