পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰামায়ণ।

 নৰনাৰায়ণ ৰজাই যুদ্ধ বিগ্ৰহৰ অন্তত কৰা প্ৰজা হিতকৰ আৰু অন্যান্য সজ কাম :-

 আলি পদূলি তৈয়াৰ কৰা, পুখুৰী খনা, দুখীয়াক, ব্ৰাহ্মণ গোসাঁইক, দেৱালয় আৰু ধৰ্ম্মস্থান বিলাকত মাটিবাৰী দান দিয়া, দৌল-দেৱালয় সজোৱা, আলিৰ দাঁতিত গছ ৰোৱা, আলহী ঘৰ সজা, পঢ়াশালি পাতি দিয়৷, ধৰ্ম্ম প্ৰচাৰক আৰু বিদ্বান লোকক ৰাজসভাত ঠাই দি তেওঁলোকৰ দ্বাৰা ধৰ্ম্ম প্ৰচাৰ, স্থান-সত্ৰ স্থাপন আৰু সাহিত্য চৰ্চ্চালৈ উৎসাহ দি নানা মূল্যবান পুথি ৰচনা কৰোৱা; কৃষি শিল্প আদিৰ উন্নতি সাধি দেশখন, জয়জয় ময়ময় কৰি তোলা।

 ৰাজসভাৰ পণ্ডিত সকল আৰু তেওঁলোকৰ ৰচিত পুথি :—

১৷ মহাপুৰুষ ৺শঙ্কৰদেৱ—দ্বাদশস্কন্ধ ভাগৱত, গুণমালা আদি।

২।  " ৺দামোদৰদেৱ— X X X

৩।পুৰোষোত্তম ভট্টাচাৰ্য্য বিদ্যাবাগীশ—সংস্কৃত ৰত্নমালা ব্যাকৰণ।

৪। পণ্ডিত ৰাম সৰস্বতী--মহাভাৰত আৰু পুৰাণৰ অসমীয়া পদ ( পদ্য়ত ভাঙনি )।

৫। শ্ৰীথৰ পণ্ডিত—সংস্কৃতৰ পৰা সৰল ভাষাত জ্যোতিষ ৰচনা।

৬। বকুল কায়স্থ—লীলাৱতী গণিত শাস্ত্ৰৰ ভাঙনি। ৰাজসভাৰ বৰ্ণনা দিব লাগিলে ওপৰৰ কথা খিনিকেই দিব লাগিব।

 সহজ ভাঙনি :-

 (১) হাতী মাৰি ভুৰুকাত ভৰোৱা। :- ভূৰুকা, এবিধ মুখ বহল পেট ডাঙৰ চুন থোৱা মাটিৰ টেকেলি। মহাৰাজ নৰনাৰায়ণৰ এই ইচ্ছা পূৰণ কৰা সম্ভৱপৰ নহয় বুলি ৰাজসভাৰ অন্যান্য পণ্ডিত সকলে ক’লে; কিন্তু শঙ্কৰদেৱে গাত লই ৩ দিনৰ মূৰত ৰজাৰ হাতত ভুৰুকা এটা আনি দিলে। তাৰ ভিতৰতে আছিল হাতীৰ নিচিনা বৰ ডাঙৰ পুথি ভাগৱত শাস্ত্ৰখনৰ অসমীয়া ভাঙনি