পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাহিত্য সংগ্ৰহৰ চমু টোকা

(পদ ) ‘গুনমালা’ পুথিখন। বাস্তৱিক মহাপুৰুষৰ এই কাৰ্য্য ঠিক ভুৰুকাত হাতী সুমুৱাৰ নিচিনা হৈছিল। নৰনাৰায়ণেও এই পুথিখনি পাই মহাপুকৰ্ষক নথৈ শলাগিছিল।

 (২) সেইদেখি এতিয়া পঢ়োতাই-------কৰিব পাৰে। :-

পঢ়োতা সকলে কিতাপ পঢ়িবলৈ বেছিকৈ আগ্ৰহ কৰিলেই লিখক সকলে উৎসাহ পায়, আৰু নতুন নতুন কিতাপ লিখি উলিয়ায়। সেই কাৰণে পঢ়োত৷ সকলে কেৱল পঢ়িয়েই লিখক সকলৰ দ্বাৰা কিতাপ সৰহকৈ লিখোৱাত সহায় কৰিব পাৰে।

-:( x ):-

পুথি ভড়াল

 সামৰ্থ্য=সমৰ্থ+ষ্ণ; শক্তি, সম্বল। প্ৰথা = নিয়ম। লৌকিক = লোক+ষ্ণিক; সামাজিক, সংসাৰিক। বিস্তৰ = বহুত। বৈষ্ণৱ = বিষ্ণু+ষ্ণ, একমাত্ৰ ঈশ্বৰ বিষ্ণুৰ ভক্ত বা সেৱক। অঁতাওতে = কৰি শেষ কৰোঁতে। সন্তৰ্পণে=সাৱধানে। এলান্ধু কলীয়া =এলান্ধু বা আলান্ধুৰ নিচিন৷ ক’লা যি ( বহুব্ৰীহি)। খাৰুৱা =খাৰ যুক্ত, খাৰ মিহলি হোৱা। উকলিল=পাৰ হ’ল। নিহিত=নি—ধা+নিচ্+ক্ত; সোমাই থকা। ভাণ্ডাড়=ভঁড়াল। সংৰক্ষণ =ভালকৈ ৰখা। খৰচি মাৰি = আগগুৰি ভাঙি খুকুৰি মাৰি। লুটিয়াই =বগৰাই। খপ্ জপাই = এন্ধাৰত খেপিয়াই, যেনি তেনি বিচাৰি। জহি=খহি, গেলিপচি। মাকতি = ধুলিৰে নিচিনা বস্তু (অনুৰূপ শব্দ)। সংলগ্ন= সংযুক্ত, লগলগা। পাঠাগাৰ = পাঠ+ আগাৰ ( ঘৰ ) পুথি ভড়াল পঢ়ুৱৈ সমাজ ভুক্ত = পঢ়োতা সকল শ্ৰেণীৰ ভিতৰুৱা, পঢ়োতাসকলৰ লগৰ।  বৰঙনি=চাঁদা, ৰাজহুৱা কামৰ পইচা। গ্ৰন্থকাৰ=কিতাপ লিখোঁতা অপুৰুগীয়া = দুৰ্লভ, পাবলৈ নোহোৱা। পিপাসা = হেঁপাহ, পিয়াহ