পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰামায়ণ।


শোক৷কুল কৰি তুলিলে। শেষত তেওঁৰ মুখৰ পৰা আপোনা আপোনি এফাকি শ্লোক ওলাই আহিল। এই শ্লোকৰ ছন্দেৰেই (অনুষ্টুপীয়া) ৰামায়ণ ৰচিত হয়। এয়ে ৰামায়ণ ৰচনাৰ ইতিবৃত্ত।

শ্লোকটি এই :– মা নিষাদ প্ৰতিষ্ঠাত্বমগমঃ সাশ্বতীঃ সমাঃ।
  যৎ ক্ৰৌঞ্চ মিথুনাদেকং ন্যবধীঃ কামমোহিতম্॥

শিশু চৰিত্ৰ গঠনত ৰামায়ণ মহাভাৰতৰ শিক্ষাঃ—

 দুয়োখন কাৰ্য্যৰ বহুনায়ক নায়িকা আৰু ঘটনাৰ পৰা পিতৃ-মাতৃ ভক্তি, গুৰু ভক্তি, স্বামী ভক্তি, ভ্ৰাতৃ ভক্তি, ভ্ৰাতৃ প্ৰেম, ভ্ৰাতৃ-স্নেহ, দাম্পত্য স্নেহ, ন্যায় আৰু ধৰ্ম্মৰ জয়, অন্যায় আৰু অধৰ্ম্মৰ পৰাজয়, দেশ আৰু ৰাইজৰ সেৱা, ৰজাৰ প্ৰজা বাৎসল্য ইত্যাদি ইত্যাদি শিক্ষা পোৱা যায়। এইবিলাক আদৰ্শই শিশু সকলৰ চৰিত্ৰ নিশ্চয় গঢ়ি তুলিব।

নৰনাৰায়ণৰ ৰাজসভা।

 সেওহৈ =বশ হৈ, তলতীয়া হৈ। বিগ্ৰহ =যুদ্ধ, (দেৱতাৰ মূৰ্ত্তিও হয়)। হিতকৰ =হিত কৰে যি (উপপদ সমাস ); মঙ্গলজনক, উপকাৰী। পদূলি = পদধূলি—ঘৰলৈ সোমাওঁতে বাটৰ য'ত ভৰিৰাধূলি ৰয়; নঙলা মুখ, অনাটন=নটা নে৷জোৰা, অভাৱ। অভিপ্ৰায় = ইচ্ছা, মনৰ অভিলাষ। স্বৰ্গদেৱ=স্বৰ্গৰ দেৱতা অৰ্থাৎ ইন্দ্ৰবংশী আহোম ৰজাসকলক কৰা সম্বোধন। সমসাময়িক =একে সময়ৰ ( সম—সময়+ঞ্চিক্ )। চৰ্চ্চা = অভ্যাস, আলোচনা। ভট্টাচাৰ্য্য=ভট্ট+আচৰ্য্য; দাৰ্শনিক পণ্ডিত, বেদৰ অধ্যাপক, ব্ৰাহ্মণৰ এটা উপাধি। পুৰুষোত্তম =পুৰুষ † উত্তম; পুৰুষৰ ভ়িত্তৰত উত্তম ( ৬ষ্ঠী তৎ )। বিদ্যাবাগীশ=বিদ্যা—বাক্+ঈশ; বহু শাস্ত্ৰ জন৷ ডাঙৰ পণ্ডিতৰ উপাধি।