পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ সাহিত্য সংগ্ৰহৰ চমু টোকা। (২) কৈত শুনি আছা........... খেতিয়ক হোৱা কথা কোনে ক’ত শুনিছা? মগনীয়াই চহকী অৰ্থাৎ প্ৰশ্নঃ—কিছুমান খান ক'লা (আহু) আৰু কিছুমান ধান বগা (শালী); ভীম চৰিত্ৰ পৰা ধান ঘাইকৈ এই দুই প্ৰশৰ হোৱাৰ কাৰণ দেখুৱা। পটন্তৰ মালা। [ সহজ ভাঙনি! (১) ভাল কামৰ ভাল ফল, বেয়া কামৰ বেয়া ফল; যি যেনে কাম কৰে সি তেনে ফল ভোগ কৰে। (২) খুৱাবলৈ মন নকৰিলেই মানুহে এই পটন্তৰ গায়। বাৰিষা আহিব, পাত কাটব, তাতে ভাত বাঢ়ি দিব, ভিনিহিয়েকক তেতিয়ালৈ ৰৈ থাকি সেই ভাত খাই যাবলৈ অনুৰোধ কৰিছে। অথচ কথা-ঘাৰ কোৱাৰ ঠাচত ভিনিহিয়েকক থিতাতে ভাত থুৱাব যেন দেখুৱাইছে। (৩) ওপৰৰ কথাষাৰ নম্ৰতাৰ পৰিচায়ক, তন্ত্ৰ কথাষাৰ অহঙ্কাৰৰ পৰিচায়ক, অথচ ওপৰৰটোত আছে গৌৰৱ, বীৰত্ব, প্ৰশংসা, কিন্তু তলৰটোত আছে খাপঢ়িয়৷ চোৰৰ হীনতা, নিন্দ৷। ধনঞ্জৰ—অৰ্জুন, তেওঁৰ বিজয়ৰ ঢোল তলৰটোত বজোৱাটো নিন্দনীয়। আমি ওপৰৰটো লোৰা উচিত। (৪) কোনোৱে ঙৰ বেগত কাণ্ডজ্ঞান হেৰুৱাই নিজে নিজৰ ডাঙৰ হানি কৰিলে বহু দিনলৈ দুখ কষ্ট খাই তাৰ ফল ভুগিব লগীয়া হয়। এতেকে খডক সদায় দমাই ৰাখিবা। (c) হৰিণা বাঘৰ খাদ্য, বাঘ হৰিণাৰ খাদক; এতেকে বাঘে হৰিণাক খোৱাটোৱেই প্ৰকৃত নিয়ম, কাল বা সময়ৰ ধৰ্ম্ম। কিন্তু কাল উলটি গলে এই নিয়মো উলটি যাৰ। খাম্বই কালৰে৷ কাল বা যমৰো ওপৰত যমহৈ খাদকক হেচি ধৰে। দুৰ্ভাগ্যৰ দিনত দুৰ্ব্বলে বলীক হেচি ধৰিলে এই পটন্তৰ দিয়ে। (৬) লোকৰ অমঙ্গল চিত্তিলে নিজৰ হে অমঙ্গল হয়। (৭) জোনাকী পৰুৱাই সূয্যক নিন্দা কৰাটো যিদৰে জোনাকীৰ অহঙ্কাৰ আৰু সেই কাৰণেই নিন্দাৰ কথা, সেইদৰে সৰু মানুহে ডাঙৰক নিন্দাটোও