পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭টতমালা তেনেকৈ সকৰ অহঙ্কাৰ আৰু সেই দেখি হাঁহিয়াৰ কথা। (৮ য'তেই বিপদ আছে ত'তেই সাৱধান হব লাগে। এই বিষয়ত ল’ৰ৷ বুঢ়াৰ কোনো ভেদাভেদ নাই। (৯) এইটো মুৰুখালিৰ কৰ্ম্ম। গৰুৱে ঢৌকাৰ মোল হুবুজে; গতিকে তাৰ আগত টোকাৰি বজালে সি শিং পেকাৰি খেদি নিজৰ ঘাঁহ থোৱাকামত লাগি যাব। সেইদৰে আনক উপযাচি সি ভাল নোপোৱা কিবা দিবলৈ গ'লে তাতে৷ নিজৰ হানি আৰু অপমান আছে। তেনে মূৰ্খামি কৰা উচিত নহয়। (১০) মানুহে অভ্যাসৰ গুণেৰে কাণৰ বিন্ধাৰ নিচিনা সৰু বিন্ধাৰেও শৰ মাৰি উলিয়াই দিব পাৰে, বা অতি সূক্ষ্ম কামবোৰে! সহজে কৰিব পাৰে। উদাহৰণ স্বৰূপে চাৰ্কাচৰ খেলোৱাৰ বিলাকৰ অনেক খেলাকে ধৰিব পাৰি। (১১) এঘৰৰ বাঁহগাজ আনি তাৰে খৰিচা ( এবিধ টেঙা আছাৰ ) তৈয়াৰ কৰি আকৌ সিঘৰকে দি ধান সলাই অনাজন নিশ্চয় বুদ্ধিমান মানুহ। জগতত এইদৰেই সদায় বুদ্ধিমানসকলে বুদ্ধিহীনক ঠগাই আহিছে৷ তথাপি তালৈ সিহঁতৰ কাণসাৰ নাই। (১২) বামত বা মাটিৰ দেশত যি ৰজা থাকে, তেৱেঁ ৰাজ্যৰ প্ৰজাক শাসন কৰে, দণ্ড দিয়ে, প্ৰাই তেওঁক ভয় কৰে। সেইদৰে বোকাৰ পুখুৰীত বগলীয়ে ডাঙৰ জীৱ; গতিকে তাত সিয়ে ৰজা।সিয়ে তাৰ মাছ ভেকুলী আদি ধৰি খাই দণ্ড দিয়ে, তাকে৷ সেই জীৱবিলাকে ভয় কৰে। এতেকে দেখা যায়, জোৰ যাৰ মুলুক তাৰ। (১৩) আন কেইটা আঙুলিয়ে ভাত মুখলৈ তুলি নিব পাৰে যদিও বুঢ়া আঙুলিৰ হেচুক বা ঠেলাত হে ভাত মুখৰ ভিতৰলৈ যায়। ইয়াত বুঢ়া আঙুলিৰ আৱশ্যকতাই বেছি৷ সেইদৰে কোনে৷ ঘৰত বহুত কাম কৰ৷ মানুহ থাকিলেও সিবিলাকৰ কামত ঘৰৰ অভিজ্ঞ মূল মানুহজনৰ উপদেশ উদ্‌গণিৰহে একান্ত দৰকাৰ। সকলো কৰ্ম্মক্ষেত্ৰতে এইটে৷ দেখা যায়। (১৪) অনেক সময়ত নতুন কৰ্ম্মীয়ে মইমতালি কৰি অভিজ্ঞতাপূৰ্ণ পুৰণি কৰ্ম্মীৰ উপদেশ নুশুনে। তাৰ ফলত বহুত্ দুখ-কষ্ট ভোগ কৰে।