পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
জন্মভূমিৰ ওচৰত মাৰীচৰ বিদায়

ৰক্ষ=ৰাক্ষস। নেহালি=নিৰখি, চাই। হেলময়ী=স্বৰ্ণময়ী, সোণৰ পুৰী। অমৰাৱতী =স্বৰ্গপুৰী। প্ৰসৱিনি = প্ৰসৱ কৰে বা জন্ম দিয়ে যি (স্ত্ৰীং—সম্বোধন )। নমি=নতহৈ, প্ৰণাম কৰি। দূৰহন্তে = দূৰৰ পৰা। আশীষি=আশীৰ্বাদ কৰি ( অসঃ ক্ৰিয়া )। বাৰিধি=বাৰি – ধা+ক্বিপ; বাৰী (পানী) ধাৰণ কৰে যি ( উপপদ ); সাগৰ। বক্ষে = বুকুত। শশাঙ্ক = শশ অঙ্কত যাৰ (বহুব্ৰীহি ); শহাপহু কোলাত যাৰ, চন্দ্ৰ। ভূষণ = অলঙ্কাৰ। নভঃ = আকাশ।

 ভাবি ( ২য় টো )= ভৱিষ্যৎ। দশস্কন্ধ =দশস্কন্ধ যাৰ ( বহুব্ৰীহি ); দহোটা ঘাৰ যাৰ, ৰাৱণ। দেখিও = চোৱা। ৰাঘৱ বনিতা = ৰামৰ ঘৈণী। কুলঙ্গাৰ = কুল + অঙ্গাৰ; কুলৰ অঙ্গাৰ (৬ষ্ঠী তৎ ); বংশ বা জাতিৰ কলঙ্ক। হুইব= হব। ৰজত = ৰূপ। দ্বাৰ = দুৱাৰ। বনৰত্ন =ফুল। ৰসাতল = পাতালপুৰী৷ বনৰাজি=বনসমূহ, বননি। বনৰত্নে = বনৰ ৰত্ন বা ফুলেৰে। নিশ্চয়=সমূহ। অঙ্ক অলঙ্কাৰ = কোলাৰ অলঙ্কাৰ (অট্টালিকা বিলাক )। হুঙ্কাৰ কৰিয়া = গৰ্জন কৰি। প্ৰজ্বলিব = জ্বলাই দিব (ক্ৰিয়া)। ৰণানল = ৰণৰূপ অনল ( ৬ষ্ঠী তৎ) যুদ্ধৰ জুই। যবে—যেতিয়া৷ ৰঘুমণি ৰঘু = বংশৰ মণিতুল্য শ্ৰেষ্ঠ, ৰাম। প্ৰবেশিলে = সোমালে। যথা = য'ত। নন্দন কানন নিন্দি = স্বৰ্গৰ ফুলনি নন্দনক চেৰ পেলাই। ক্ৰোড়=কোলা। বাঞ্ছিত= পাবলৈ হেঁপাহ কৰা। স্ৰৱে=প্ৰসৱ কৰে, ওপজায়, দিয়ে। যেহি = যি (কৰ্ত্তা)। পশিবে=প্ৰবেশ কৰিব, সোমাব। নাপাৰে = নোৱাৰে। যৈত=য'ত৷ ভস্মীভূত = ছাই হোৱা। সৰ্বভুক = সকলোকে ভক্ষণ কৰে যি, অগ্নি। সেহি = সেই। কোপানল = কোপৰূপ অনল ( ৰূপক কৰ্ম ); ক্ৰোধ বা