পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
সাহিত্য সংগ্ৰহৰ চমু টোকা

খঙৰ জুইয়ে ( কৰ্ত্তা )। ৰুদ্ৰ শিৱ। বেষ্টিয়া আছয় = বেঢ়ি আছে। বিধৌতি=ধুই। যিটো=সাগৰৰ সলনি=যি সাগৰে। সমীৰ = বতাহ৷ ঊৰ্মি=ঢৌ। ঘাত-প্ৰতিঘাতে = পৰস্পৰ আঘাতেৰে। সললি=পানী। সফেন = ফেনযুক্ত৷ কায়= দেহ, শৰীৰ। ধৰয় ধৱল = বগা দেহ ধৰে, বগা হয়। গণ্ডুষ = হাতৰ চলু। অগস্ত্য গণ্ডুষে যথা=যি দৰে অগস্ত্য মুনিয়ে সাগৰৰ গোটেই খিনি পানী হাতৰ চলুত লই পান কৰিছিল। ৰত্নোদৰ = ৰত্ন উদৰত যাক (বহুব্ৰীহি ); সাগৰ। ৰত্নাকৰ = ৰত্নৰ আকৰ অৰ্থাৎ খনি ( ৬ষ্ঠীতৎ); সাগৰ। কিম্বা সেতুবন্ধে লভিব বন্ধন = নাইবা সাঁকোৰ দ্বাৰা সাগ্ৰক বান্ধি পেলাব। ৰত্নাকৰ ৰত্নৰ........ বহিব শৰীৰে।— ৰত্নাকৰে ৰত্নৰ সলনি ৰাক্ষসৰ মৰাশ বিলাক শৰীৰেৰে বহন কৰিব।

কবিতাৰ আগ কথাঃ—

 পাঠ্যৰ টোকালৈ মন কৰা। তাক আমি অলপ বহলাই লিখিলো। লঙ্কাৰ ৰাক্ষস ৰজা ৰাৱণৰ ভণীয়েক শূৰ্পনখা। পঞ্চবটী ব্লত লক্ষণে তাইৰ নাক কাণ কাটে। তাই গৈ তাইৰ শাস্তিৰ কথা আৰু সীতাৰ অপৰূপ ৰূপৰ কথা পৰস্ত্ৰী হৰণ কাৰী ককা- য়েকক বিবৰি কয়। তেতিয়া ৰাৱণে ভনীয়েকৰ শাস্তিৰ প্ৰতিশ শোধ লবলৈ সাঁতাক মায়াৰে হৰণ কৰি ৰূপৱতী স্ত্ৰী লাভ আৰু সীতাৰ শোকত ৰামৰ মৃত্যু ঘটাবলৈ মনস্থ কৰি মোমায়েক মায়াবী মাৰীচৰ সহায় খোঁজে। মাৰীচৰ ওচৰত ৰামৰ শৰ সুবিদিত; এদিন সেই শৰ থায়ে মাৰীচে ৰাক্ষস বৃত্তি এৰি মহা তপস্বী এ হৈছে; আৰু ৰাম যে ঈশ্বৰৰ অৱতাৰ তাক জানিব পাৰিছে। মাৰীচে প্ৰথমে অসন্মত হৈছিল; কিন্তু ৰাৱণে কাটিবলৈ ওলোৱাত ৰাৱণতকৈ ৰামৰ হাতত মৃত্যু হোৱ৷ টোকে শ্ৰেয়ঃ জ্ঞান কৰিলে।