পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
সাহিত্য সংগ্ৰহৰ চমু টোকা

সি তেওঁক নিচিনে। অচিন অতিধিক আশ্ৰয় দিলে তাৰ কিবা বিপদ হব পাৰে বুলিও তেওঁ কৈছিল৷ সি সেই বিপদ মূৰ পাতি লম বুলি গৃহস্থৰ ধৰ্ম আঁচৰি সেই সুন্দৰ সুপুৰুষ অতিথিক সপৰিয়ালে সেৱা যত্ন কৰি ৰাখিলে। ৰাতিপুৱা দোকমোকতে উঠি কোৱঁৰে বিদায় ল'লে। চোৰাংচোৱাৰ মুখত ৰজাই এই বাতৰি পাই সোণাক ধৰাই নি ৰাজদ্ৰোহী গদাপাণিক আশ্ৰয় দিয়াৰ কাৰণ সুধিলে। সি গদাকোৱঁৰক নিচিনা বুলি ক'লে। আৰু ক'লে, যে তেওঁ অঙ্গক্ষতত ধৰা নিদিয়া কাৰণে ৰাজদ্ৰোহী নহয়; এতেকে তেওঁক চিনিলেও ধৰ্মমতে তেওঁক আশ্ৰয় দিয়া একো দোষৰ কাম নহয়। সোণামুৱা বুঢ়াৰ সঁচা কথা শুনি ৰজাৰ বুকু কঁপিল; কিন্তু তেওঁ বুজিও অবুজ হৈ তাক বন্দী- শালত থ'লে—যেতিয়ালৈ গদাক ধৰিব নোৱাৰে।

 ল’ৰা ৰজাৰ অত্যাচাৰ অনীতিত দেশৰ চাৰিও ফালে বিদ্ৰোহৰ জুই জ্বলি উঠিল। শেষত গদাপাণি কোৱঁৰে ল'ৰা ৰজাক আঁতৰাই সিংহাসনত বহিল। দ্ৰোহীসকলক ন্যায় বিচাৰমতে শাস্তি বিহিলে৷ নিৰ্দোষী সোণামুৱাক মুকলি কৰি তাক বহু মাটিবাৰী দিলে। সেইদিন ধৰি টীয়কৰ পাৰৰ সেই চাপৰিৰ নাম হ'ল সোণামুৱা চাপৰি।

জন্মভূমিৰ ওচৰত মাৰীচৰ বিদায়

[ শব্দাৰ্থ বিলাক পদ্যৰ কথাৰ ভাব বুজাৰ সহায়ক ৰূপে লিখা হ'ল ]

অনন্তৰে =তাৰ পিছত। কণক = সোণ। নয়ন = নে+ অন; চকু। পৰিণাম = শেষফল ( লঙ্কাৰ—ৰাৱণৰ সীতা হৰিবলৈ যোৱা কাৰ্য্যৰ )।