পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
সাহিত্য সংগ্ৰহৰ চমু টোকা

যুগা আৰু পাত কাপোৰৰ বিশেষ গুণ এই যে, এই কাপোৰ অতি ক্ষুক্ষ্ম আৰু পাতল হোৱা কাৰণে ইয়াক তিয়াই ৰ'দ নলগোৱাকৈ ছাঁত মেলি থলেও শুকাই যায়; আৰু একোখন দীঘল বহল কাপোৰকো হাতৰ মুঠিতে সামৰিব পাৰি।

আমাৰ দেশৰ কুটীৰ শিল্পঃ—

 ১। কাপোৰ শিল্প=কপাহী, এৰী, মুগা, পাট ২। যুদ্ধৰ অস্ত্ৰ সজা—হিলৈ, বৰটোপ আৰু নানান অস্ত্ৰ (আগৰ দিনীয়া ) ৩৷ সোণ কমোৱা শিল্প ( আগৰ দিনৰ ) ৪। কাঁহ-পিতলৰ বাচন ৫। লোৰ সঁজুলি গঢ়া শিল্প ৬। মাটিৰ বাচন তৈয়াৰ কৰা শিল্প ৭। সোণ-ৰূপৰ শিল্প ৮। বেতৰ কাম ৯। বাঁহৰ কাম ১০। কাঠৰ কাম ১১। হাতীদাঁতৰ কাম ১২। হাতেৰে গোঁথা আৰু বোৱা কাম ১৩। গুড় তৈয়াৰ ১৪। চাউল তৈয়াৰ ১৫। সৰিয়হ আদিব তেল তৈয়াৰ।

সম্ভৱপৰ প্ৰশ্নঃ—

 ১। আগৰ দিনত আমাৰ দেশৰ কুটীৰ শিল্পৰ উন্নতিৰ কাৰণ কি? (ৰজা ডা-ডাঙৰীয়া সকলৰ সহায় আৰু উদগনি; যান, বাহনৰ অভাৱত বিদেশী বস্তু পোৱাৰ অসুবিধা।)

 ২। অৱনতিৰ কাৰণ কি? (বিদেশী গবৰ্ণমেণ্টে দেশৰ কুটীৰ শিল্পৰ তদাৰক নকৰা, বৈজ্ঞানিক যুগত কল-কাৰখানাত তৈয়াৰ হোৱা বস্তু সস্তীয়াকৈ পোৱা।)

 ৩। জীয়াই থকাৰ কাৰণ কি? (আমাৰ দেশৰ অভাৱ আৰু আৱশ্যকতাৰ জোখাৰে কলত তৈয়াৰ নোহোৱা, কলত প্ৰস্তুত হ'লে কম মামুছে ব্যৱহাৰ কৰা কাৰণে কলৰ মালিকৰ লাভ