পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পোহৰৰ ঢৌ

নোহোৱা, দেশৰ নিবনুৱা, খেতিয়ক আৰু তিৰোতা সকলে আজৰি সময়ত ঘৰৰ আয় বঢ়োৱা আৰু ধন ৰখা হিচাবে কৰা।)

 ৪। পুনৰ্জীৱিত হোৱাৰ কাৰণ কি? (মহাত্মা গান্ধীৰ কাপোৰ শিল্প মূলক আন্দোলন, ১৯৩৫/৩৬ চনৰ পিছৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ আৰ্থিক সাহায্য আৰু ‘চেৰিকালচাৰ' বিভাগ খুলি উৎসাহ প্ৰদান, মহাসমৰৰ সময়ত বাঁহ, বেত আৰু কাঠৰ শিল্পৰ উন্নতি।)

পোহৰৰ ঢৌ

 মনস্বী=মনস্ + বিন্=মনস্বিন্ ১ মাৰ ১ বচন; মানসিক শক্তি- শালী, জ্ঞানী। ক্ষুদ্ৰাতি ক্ষুদ্ৰ = ক্ষুদ্ৰ + অতিক্ষুদ্ৰ; সৰুতকৈও সৰু। অনুভূত – অনু—ভু+ক্ত; জ্ঞাত, জানিব পৰা। ভ্ৰান্তি মূলক = ভ্ৰান্তি মূলত যাৰ (বহুব্ৰীহি ); ভুলধাৰণা মূলক, ভুল যুক্ত। স্নায়ু = সিৰ। ইথাৰ= শূন্য, আকাশ। দোক মোক = খিটমিটীয়া (বিশেষণ) স্পন্দন=ঢৌ। প্ৰভাৱ = ক্ষমতা। প্ৰতিবিম্বিত =জিলিকি উঠা, প্ৰতিবিম্ব বা ছায়া ছবি উঠা, দৃষ্টিত পৰা৷ সাইলাখ = অবি কল, হুবহু। মধ্যম ( medium ) = বাহন।

পোহৰৰ ঢৌৰ নিয়মঃ—

 (১) পোহৰৰ ঢৌ আৰু ঢৌৰ গতিয়ে পৰস্পৰ সংকোণ ভাবে কটা কটি কৰে। (২) পোহৰৰ ঢৌত ইথাৰৰ তল-ওপৰ গতিহে আছে, অগা-পিছা গতি নাই—অৰ্থাৎ ঢৌৰ গতিহে অগ্ৰগামী, ইথাৰ কণিকা অগ্ৰগামী নহয়।

 প্ৰশ্নঃ—আমি কেনেকৈ দেখোঁ বা বস্তুবোৰ কেনেকৈ আমাৰ দৃষ্টিত পৰে?