পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

গদ্য ভাগ
অসমৰ কুটীৰ শিল্প

 কুটীৰ = ঘৰ, পঁজা ঘৰ। বিনিময় = সলনি। প্ৰসিদ্ধি – সুখ্যাতি, উন্নতি (বিশেষ্য)। দক্ষতা = নিপুণতা, পাৰ্গতালি (বিশেষ্য )। অৱনতি = অৱ-নম্ + ক্তি; তললৈনমা, অধোগতি। শিল্পজীৱী= শিল্পকৰ্ম কৰি জীয়াই থাকে বা জীৱিক৷ চলায় যি (বহুব্ৰীহি )।আমদানী = আন ঠাইৰ পৰা অহা। তদাৰক = যত্ন, পতি, তত্বলোৱা। ‘ম্ৰিয়মান। = মৰাৰ তুল্য। জীৱিকা-নিৰ্ব্বাহ = জীৱন ধাৰণৰ উপায় চলোৱা। আহৰি =আজৰি। নিবনুৱা = কামনকৰা বা কাম নথকা ( বিশেষণ)। প্ৰতিযোগিতা = প্ৰতি—যুঁজ + ঘিলুণ =প্ৰতিযো- গিন্‌ ১ মাৰ ১ বচন; অৰিয়াঅৰি। উন্নয়ন মূলক = উন্নতি মূলত যাৰ বা উন্নতিয়ে মূল যাৰ (বহুব্ৰীহি॥ আন্দোলন=লৰাই বা চলাই দিয়া, প্ৰচাৰ কাৰ্য্য। প্ৰৱৰ্ত্তন = প্ৰ – বৃৎ+অনট্; প্ৰৱৰ্ত্তন মূলক – স্থাপন বা প্ৰচলনৰ চেষ্টা মূলত যাৰ (হুব্ৰীহি )। প্ৰসাৰ = বৃদ্ধি, বিস্তৃতি, বিয়পি পৰা। প্ৰাণ-সঞ্চাৰ = জীৱন দান, মৰা শৰীৰত জীৱনী শক্তি দিয়া। আৰ্থিক সাহায্য =অৰ্থ ( ধন, টকা)+ ষ্ণিক্, ' সহায়+যতা; ধনেৰে সহায় সমবায় = সমূহীয়া, ৰাই— জৰ সন্মিলিত, ৰাজহুৱা। পদ্ধতি =নিয়ম। অৰ্থকৰ = ধনলাভ হোৱা, ধনঘটা। সংগঠন = সম্ + গঠন; সম্পূৰ্ণকৈ (ৰাজহুৱা হিচাবে ) গঢ়ি উঠা। কেঁচা মাল = বস্তু তৈয়াৰ কৰাৰ উপকৰণ। নিৰক্ষৰত = লিখা পঢ়া নজনা (বিশষ্য)। উৎপাদন = ওপজোৱা। সৰ্ব্বাঙ্গীন = সকলো ফালেৰে। ধুৰুপ= নিশ্চয়। “ছাতে শুকোৱা মুঠিতে লুকোৱ৷”—